পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৫৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫১
কবিৰ অহৈতুকী প্ৰীতি


 এই কবিতাটো লেখাৰ পিছত ডান্টেই এটি বিৰাট বিশ্ব-সপোন দেখিলে। সপোনৰ বিৱৰণ তেওঁ দিয়া নাই, মাথোন কৈছে যে, “সপোনত এনেবোৰ কথা দেখিছোঁ যাৰপৰা এইটো থিৰাং জ্ঞান হৈছে যে সম্পূৰ্ণ উপযোগী নহওঁমানে আকৌ এই মহিমামীৰ কথা নেলেখোঁ।”

 তেতিয়াৰপৰ। তেওঁৰ সকলো ধ্যান চিন্তা এই উদ্দেশ্যেই নিবত হৈছিল। তেওঁ লিখিছে,—“আৰু কেইবছৰমান যদি মোব জীৱন বৰ্ত্তি থাকে, তেনেহলে মই আশা কৰিব পাৰোঁ যে তেওঁৰ বিষয়ে এনে কেতবোৰ কথা লিখিম যি ইয়াৰ আগেয়ে কোনো তিৰুতাৰ বিষয়ে লিখা হোৱা নাই।”

 এই প্ৰতিজ্ঞাব ফল-স্বৰূপে স্বদেশৰপৰা নিৰ্ব্বাসিত হোৱা অৱস্থাত শেহ বয়সত ডান্টেই “সপোন” বা “ঐশ্বৰিক কাব্য (vision বা Divine Comedy) বোলা এখন কাব্য লেখে।

 ওপৰত যি চমু বিৱৰণ দিয়া গ'ল ইহ জগতত সেইখিনিৰেই ডাটে- বিয়েট্ৰীচ-সম্বলিত ঘটনা। তেওঁলোকৰ দেখা-দেখিও বাটত আৰু কেতিয়াবা ভোজ আৰু কেতিয়াবা উৎসৱত। সাধাৰণ প্ৰেমিক-প্ৰেমিকাৰ দৰে তেওঁলোকৰ গোপনে দেখা-শুনা হোৱা নাছিল। কেতিয়াও কোনো কথা-বতৰাও তেওঁলোকৰ হোৱা নাছিল। তাত বাজেও ডাণ্টেৰ এই নিৰ্ব্বিকাৰ প্ৰেম-লীলা চলি থাকোঁতেই বিয়েট্ৰীচৰ আন এজনৰ লগত বিয়া হৈ গৈছিল। “নৱজীৱন”ত ডাণ্টেই তাৰ উল্লেখ কৰা নাই। তেওঁৰ মনত বিয়েট্ৰীচ চিৰ-কুমাৰী, চিৰ-সৌন্দৰ্য্যময়ী।

 যদি কেতিয়াবা অন্তৰৰ নিভৃত কোণতো ডাণ্টেই বিয়েট্ৰীচৰ লগত মিলনৰ আশা সঁচি ৰাখিছিল, বিয়েট্ৰীচৰ বিয়াৰ পিছত সেই আশা