পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৪৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪২
শ্ৰীকৃষ্ণকান্ত সন্দিকৈ

সাহিত্য তৰাং আৰু অপৈণত হোৱাটো স্বাভাৱিক। আনৰ কথা নকওঁ আমাৰ তৰুণ লেখকসকলে চুটি গল্প লিখাত বেছি সময় নষ্ট নকৰি নানাপ্ৰকাৰৰ জ্ঞান আহৰণ কৰি সাহিত্যত যোগালে বেছি লাভ হ’ব। অৱশ্যে চুটি গলপও আধুনিক সাহিত্যব এটা প্ৰধান অঙ্গ, কিন্তু ইয়াৰ কাৰণেও সূক্ষ্ম কলা আৰু বিশ্লেষণ-শক্তিৰ আৱশ্যক।

 ৰংঘৰৰ উন্নতিৰ লগত সাহিত্যৰ উন্নতি জড়িত হৈ আছে। আমোদ-প্ৰমোদৰ বিষয়তো আমাৰ উৎসাহ আৰু নেৰা-নেপেৰা সাধনাৰ অভাৱ হ’লে অতি দুখৰ কথা হ’ব। সকলো দেশতে ৰংঘৰে নাট্য সাহিত্য জীয়াই ৰাখিছে আৰু শ্বেক্সপীয়েৰৰপৰা ইব্‌ছেনলৈকে প্ৰায়- বিলাক ডাঙৰ নাট্যকাৰৰে ৰংঘৰৰ লগত ঘনিষ্ঠ সম্বন্ধ দেখা যায়। মস্কোৰ আৰ্ট থিয়েটাব স্থাপিত নোহোৱা হ’লে ৰছু সাহিত্যই চেকফক নাট্যকাৰ- ৰূপে নাপালেহেঁতেন। অনেক সময়ত অভিনেতাসকলেও নিজে নাটক লিখি সাহিত্যৰ সেৱা কৰিছে। ওঠৰ শতিকাৰ শেষভাগত বিখ্যাত জাৰ্মান অভিনেতা ছ্ৰদাৰ আৰু হফলাণ্ডে ৰীতিমতে নাটক লিখি জাৰ্মান নাট্য-সাহিত্যক সবল কৰাত সহায় কৰিছিল। বঙালী নাট্য- সাহিত্য অভিনেতাসকলৰ ৰচনাৰ ওপৰত কম ঋণী নহয়। নাটক লিখিবলৈ ল’লেই যে শেক্স্‌পীয়েৰ্ বা ছিলাৰ হ’ব লাগে তাৰ কোনো মানে নাই। আমাৰ দেশত ৰংঘৰ আৰু নাট্যকলাৰ সেৱা যিমানেই বাঢ়ে, তিমানেই আমাৰ সাহিত্যৰ লাভ হ’ব, সেই বিষয়ে সন্দেহ নাই। “জয়মতী”, “শোণিত-কুঁৱৰী” আদি নাট ৰেকৰ্ডত দিয়াৰপৰাও আমাৰ সাহিত্যৰ লাভ হৈছে, আৰু ভাষাৰ মৰ্য্যদা বাঢ়িছে। অসমত এটা স্থায়ী ৰংঘৰ থকা হ’লে আমাৰ নাট্য-সাহিত্যৰ বহুত উন্নতি হ’লহেঁতেন। সকলো দেশত স্থায়ী ৰংঘৰৰপৰাহে নাট-সাহিত্যৰ পুষ্টি সাধন হৈছে।