পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
লক্ষ্মীনাথ বেজবৰুৱা

হিৰণ্যকশিপু দৈত্যেন্দ্ৰই এই ত্ৰিলোককহে জয় কৰিছিল। “তিনিও লোকক তুমি জিনিলা অকলে” বুলি ষণ্ডাকৰ্মই হিবণ্যকশিপুক “চাৰ্টিফিকেট্” বা “কমপ্লিমেন্ট' দি সান্ত্বনা কৰিছিল। আমাৰ সদাশিৱ ত্ৰিনয়ন আৰু তেওঁৰ হাতত ত্ৰিশূল। ধ্ৰূবক গোসাঁয়ে ত্ৰৈলোক্যৰ ওপৰত থাপি থ’লে—

সপত্নী মাতৃব বাক্যে বিদাৰিলা মান।
ধ্ৰূবে আসি আধাৰিলা তোমাৰ চৰণ॥
ত্ৰৈলোকব উপবে তাহাঙ্ক থৈলা থাপি।
গোধিকাব পুচ্ছ-ভাগে দেখি অদ্যাপি॥

 ধৰ্ম্মৰ চাৰি পাদৰ ভিতৰত কলিয়ে পবীক্ষিত বজাব দিনত তপ, শৌচ, দয়া এই তিনি পাদহে ভাঙিছিল গঙ্গা, যমুনা, সৰস্বতীব সঙ্গম ব্ৰিৱেণী—যত স্নান কৰিলে মুক্তি লাভ হয়। দাজ্জিলিঙৰ ওচৰত তিনধবীয়া অৰ্থাৎ যি ঠাইত নৈব তিনিটা ধবা বা সোঁতৰ মিল হৈছে। গুৱাহাটীব বশিষ্ঠাশ্ৰমত সন্ধ্যা, ললিতা, কান্তা এই তিনি সোঁতৰ সমন্বয়। তিস্তা নৈও তিনি সোঁতৰ সঙ্গম। তন্ত্ৰমতানুলঙ্গী তান্ত্ৰিক ত্ৰিভুজ মূল পদাৰ্থ। আয়ুৰ্ব্বেদ শাস্ত্ৰমতে বায়ু, পিত্ত, কফ এই তিনিটা ঘাই, আৰু ত্ৰিদোষী হলেই সঙ্কটাপন্ন অৱস্থা। আনাৰ ঘুৰ্ ঘুৰীয়া জব নহৈ বৰকৈ জ্বব উঠিলেই, আমিও ক'বলৈ নোবোঁ যে তিৰিকঁপে জব উঠিল। গণিত শাস্ত্ৰত ত্ৰিভুজ, ত্ৰিকোণ সকল ভুজ, কোণতকৈ চৰা। ইংবা- জীত ত্ৰিগণমেত্ৰি, আমাৰ ভাষাত ত্ৰিকোণমিতিব কথা কলেজৰ কোন ছাতবে নাজানে? অঙ্ক শাস্ত্ৰৰ ভিতৰত ত্ৰৈবাশিক হাড়-মগজু। সইত্ খাওঁতেও আমি সইত্ সইত্ তিনি সইত্ অৰ্থাৎ তিনিবাৰ সত্য খাওঁহক। আমি বৈষ্ণৱ সম্প্ৰদায়ৰ মানুহে নাম-প্ৰসঙ্গ কাৰ কথাতো তিনি প্ৰসঙ্গৰ