পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বৰবৰুৱাৰ ভাবৰ বুৰ্বুৰণি

(১)

 বৰবৰুৱাৰ ভাবৰ বুৰ্বুৰণি—অনেক, অলেখ। সেইবোৰ দিনৌ উঠে, মাৰ যায়, মাৰ যায়, উঠে। কেতিয়াবা মন গ’লে তেওঁ তাৰে দুটি এটি কথা লেখি কাকতত ছপায়, কেতিয়াবা ফটা কাকতৰ পাচিত পেলায়, আৰু কেতিয়াবা য’ৰে বুৰ্বুৰণি ত’তে উঠি নাচি-বাগি থাকি মাবিবলৈ তেওঁ এৰি দিয়ে। আজি তিনিশ তিনিকুৰি বুৰ্বুৰণিৰ ভিতৰৰ- পৰা তিনিটাক ধৰি আনি এই প্ৰৱন্ধৰ খালৈত সুমালোঁ। যদি কোনোবাই সোধে, ইমানবোৰ বুৰ্বুৰণিৰ ভিতৰত তেওঁৰ তিনিটিত মন পৰিল কিয়? উত্তৰত কওঁ শুনা—

 মই আগেয়েও অনেকবাৰ কৈছোঁ, এতিয়াও কওঁ যে মই তিনিৰ পক্ষপাতী। কাৰণ, এই সংসাৰত চকু মেলিলেই দেখিবা যে তিনিৰেই পয়োভৰ সৰহ। আমাৰ তিনিজন ঘাই দেৱতা— ব্ৰহ্মা, বিষ্ণু, শিৱ। খ্ৰীষ্ট ধৰ্ম্মৰ ‘ত্ৰিনিটি’—অৰ্থাৎ God the Father, God the son, and God the Holy Ghost—অৰ্থাৎ পিতা ঈশ্বৰ, ঈশ্বৰৰ এক মাথোন পুত্ৰ যীশুখ্ৰীষ্ট ঈশ্বৰ, আৰু পৱিত্ৰাত্মা ঈশ্বৰ। বৌদ্ধ ধৰ্ম্মত-বুদ্ধ, ধৰ্ম্ম আৰু সঙ্ঘ। আমাৰ দৰ্শন-শাস্ত্ৰত বা ধৰ্ম্ম-শাস্ত্ৰত ত্ৰিগুণ, অৰ্থাৎ সত্ত্ব, ৰজ আৰু তম। ঈশ্বৰৰ বামন অৱতাৰত ত্ৰিপদ অৰ্থাৎ তিনিটি ভৰি আছিল। আমাৰ শাস্ত্ৰত যদিও সাতখন স্বৰ্গ, সাতখন পাতালৰ কথা আছে, তথাপি তিনিও প্ৰসঙ্গত ত্ৰিভুৱন বা ত্ৰৈলোক্যৰহে নাম ওলায়।