পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৭৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭২
শ্ৰীবিজয়চন্দ্ৰ ভাগৱতী

গৈ বস্তুটোৱে কি ৰূপ ল’ব, সাধাৰণ বনুৱাই তাৰ সম্ভেদ নেপায়। বনুৱাই কেৱল আদেশমতে এঠাইত থিয় হৈ যন্ত্ৰক চকা এটা ঘূৰাই আছে। সেই বনুৱাটোৰ মনটোৱে কাম কৰিবলৈ সুবিধা নেপায়। মানুহৰ বিশেষত্ব মন। মনেৰেই যদি কাম নহ’ল, তেনেহ‘লে মানুহ আৰু যন্ত্ৰৰ ভিতৰত পাৰ্থক্য থাকিল ক’ত?

শ্ৰীবিজয়চন্দ্ৰ ভাগৱতী