পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
লক্ষ্মীনাথ বেজবৰুৱা


  আমাৰ উপৰি পুৰুষৰ নাম হয়বৰ। তেওঁ ১৬১৯ শকত কনৌজৰ পৰা পাঁচজন তেওঁৰে নিচিনা সাধু পুৰুষেৰে সৈতে, মানুহ-মৰা টোকোন বাদুলি-সঁচাৰ ভঙা অস্ত্ৰ আৰু সিন্ধি খনা চিপৰাং লৈ, লাহে লাহে দিগ্বিজয় কৰি আহি অসম দেশ পায়। গুণীব গুণ বুজোঁতা ৰুদ্ৰসিংহ স্বৰ্গদেৱে তেওঁলোকক অভ্যৰ্থনা কৰি, যাউতিযুগীয়াকৈ ৰাজ-বন্দীশালৰ সুন্দব খোটালি এটা তেওঁলোকক দান কৰি, তেওঁলোকৰ পোহ-পালৰ ভাৰ নিজে গ্ৰহণ কৰিলে।

  পোন্ধৰ বছৰৰ পিছত হয়বৰৰ বংশধৰ পুতেক হৰিবৰে, কনৌজৰপৰা বাপেকক বিচাৰি আহি, পানীয়ে-বামে ছমাহ বাটকুৰি বাই ৰংপুৰ পাই, ওপৰত কোৱা ৰাজ-দত্ত বাহৰত পিতৃদেৱতাক দৰ্শন কৰি পিতৃৰ শ্ৰীচৰণ-কমলত মাথা দোঁৱালে। “দীৰ্ঘজীৱী হ” বুলি সকলোৱে শুনাকৈ হয়বৰে আশীৰ্ব্বাদ কৰাৰ পিছত, হৰিবৰে, পিতৃচৰণাৱিন্দ সততে নয়নগোচৰ হ’ব ভাবি, সেই নগৰতে বসতি কৰিলে। বছৰেক যাওঁতে নেযাওঁতেই হৰিবৰৰ যশস্যা-সৌৰভ গুণগ্ৰাহী স্বৰ্গদেৱৰ নাক পালত, দয়ালু স্বৰ্গদেৱে দয়া প্ৰকাশ কৰি বাপ-পোৰ মাজত বিচ্ছেদ নঘটাকৈ, সেই একে খোটালিতে তেওঁৰে থাকিবৰ দিহা কৰি দিলে।

  হৰিবৰৰ পুতেক বিখ্যাত মনবৰ পণ্ডিতৰ নাম বুৰঞ্জীৰ পাতে পাতে অনুসন্ধান কৰিলে পোৱা যায়। এওঁৰ বিদ্যাৰ সৌগন্ধই অসম দেশ মলমলাই আছিল। এওঁৰ এটা আচৰিত ক্ষমতা এই আছিল যে যাৰে তাৰে চহী এওঁ হুবহু নকল কৰি দিব পাৰিছিল। ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ পুতেক শিৱসিংহ স্বৰ্গদেৱৰ বাজসভাত এওঁৰ এই বিচক্ষণ গুণৰ কথা গলা-গপা হ’বলৈ ধৰিলে আৰু দেশ-দেশান্তৰৰপৰা মানুহ পণ্ডিতক চাবলৈ ভাগি অহা দেখি স্বৰ্গদেৱে এই বিদ্যাৰত্নক অতি আগ্ৰহেৰেে আহ্বান কবি নি সকলোৱে দেখি চকু জুৰাবলৈ, ছুটি ছুটি ঠেঙা পিন্ধাই