পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৫৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৩
বধ–কাব্য

ভাৰ সংহবিলা আসি হৈয়া অৱতাৰ।
এতেকে ভক্তৰ বশ কৰিলা প্ৰচাৰ।।

 ভক্তি-বৰ্ম্ম-প্ৰচাৰেই কাব্যৰ মূল প্ৰেৰণা। কবিয়ে এই কথা কেৱল ভক্তৰ কাৰ্য-কলাপৰ মাজেদিৰেই ফুটাই তোলা নাই; বৈৰী- সকলৰ মুখেদিও সেই বাণী প্ৰচাৰ কৰিছে। শিৱ-ব্ৰ্হ্মা আদি সকলো দেৱতাৰ ভিতৰত বিষ্ণু বা কৃষ্ণইযে শ্ৰেষ্ঠ, সেই কথাও প্ৰতীয়মান হৈছে। ব্ৰহ্মব বৰ পায়ো অপৰিমিত শক্তিশালী খটাসুৰ বীৰৰ দ্ৰৌপদীৰ হাতত অবাঞ্ছনীয়ভাৱে মৃত্যু মিলিছে।

অসুৰ বধিতে দেৱীৰ ভৈলা মন।

দক্ষিণ হাতৰপৰা খসাইলা কঙ্কণ।

মাধৱক স্মৰিয়া মাৰিলা লক্ষ্য কৰি ।
কাটিলেক মাথা তাৰ পড়িল বাগৰি ।।
গল ছেদি অসুৰৰ তেখনে কঙ্কণ।
যাজ্ঞসেনী-সমীপত ভৈলা উপসন।।
পৰ্বত-সমান চলি পৰিল অসুৰ।
টলমল কবি মহী লৰে কত দূৰ।।

 ধৰ্ম-প্ৰচাৰৰ উদ্দেশ্যে বচিত হলেও বধ-কাব্যসমূহ সাহিত্যিক গুণৰাজি-বিৱজ্জিত নহয়। বৰঞ্চ ভক্তি-ৰসত মিহলি হৈ মধু-নিশ্ৰিত দুগ্ধ যেন কাব্যস্বাদ ‘অতিশয় মিলিছে’। অন্যান্য বৈষ্ণৱ গ্ৰন্থৰ দৰে, এই কাব্য-মালাই আধ্যাত্মিক হিত সধাৰ উপৰিও বীৰ আৰু কল্যাণকৰ আনন্দ দিছে।