পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৫৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫১
আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ পাতনি


লগে লগে যোৱা। যোৱা উনৈশ শতিকাত মাথোন প্ৰথম বঙলা গদ্যৰ জনক ৰাজা ৰামমোহন ৰায়ৰ উদয় হয়; অথচ সুদূৰ ষোড়শ শতিকাতে উৎকৃষ্ট চানেকিৰ অসমীয়া গদ্য ভট্টদেৱৰ “কথা-গীতা”, “কথা-ভাগৱত” আদিত পোৱা হয়। ঘাই কথা,মূলত যি হওক, বৰ্তমান অসমীয়া আৰু বঙলা দুটা স্পষ্ট সুকীয়া ভাষা।

ডিম্বেশ্বৰ নেওগ