পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৫২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫০
শ্ৰীডিম্বেশ্বৰ নেওগ

আনফালে, ঘোড়শ শতিকাৰ ভট্টদেৱৰ “কথা-গীতা”, “কথা-ভাগৱত” আদিৰ গদ্যই ধৰ্ম্মক্ষেত্ৰ এৰি আহোম ৰজাসকলৰ বিশিষ্ট অৱদান বুবঞ্জী- সাহিত্যৰ মাজেদি, আধুনিক জগতৰ কুৰুক্ষেত্ৰ কৰ্ম্মক্ষেত্ৰ ওলালহি। সমগ্ৰ ভাৰতীয় সাহিত্যৰ ভিতৰতে এই বুৰঞ্জী-সাহিত্য অসমীয়া সাহিত্যৰ বিশিষ্ট অৱদান। এই যুগৰ সাহিত্যই এইদৰে যেনেকৈ ঢাল লৈ আহিছিল, তালৈ চালে ই যেন অদূৰ ভৱিষ্যতৰ কিবা সপোনহে দেখিছিল এনে অনুমান হয়।

 অসমীয়া–ঙলা ভাষাৰ বিৰোৰ অকল একে বাই-ভনী বুলিয়ে। একে সংস্কৃত মূলৰপৰা ওলোৱা বুলিলে, একে প্ৰাকৃতৰপৰা ওলোৱা হওক নহওক, দুই ভাষাৰ ভালেখিনি মিলৰ শব্দ থকাটো স্বাভাৱিক। গতিকে দুটা ভাষা একেনে বেলেগ, তাৰ প্ৰমাণ শব্দাৱলী নহয়, ব্যাকৰণহে। অসমীয়া আৰু বঙলা ভাষাৰ ব্যাকৰণ সম্পূৰ্ণ সুকীয়া, গতিকে সম্প্ৰতি দুটা বেলেগ ভাষাৰ প্ৰমাণ পোৱা হয়। চতুৰ্দশ শতিকাৰ শেষভাগ কি পঞ্চদশ শতিকাৰ আগভাগত কবি চণ্ডীদাসৰ পদাৱলীতে বঙলা ভাষাই প্ৰথম সুকীয়া সাহিত্য-ৰূপে দেখা দিয়ে। তাৰ আগৰ যি বঙলা সাহিত্যৰ চানেকি বঙলা বুবঞ্জী-লেখকসকলে দাঙি ধৰিবৰ চেষ্টা কৰা দেখা যায়, আটাইবোৰেই প্ৰাকবৈষ্ণ্ৱ বা বৈষ্ণৱ যুগৰ অসমীয়া সাহিত্যৰ ভিতৰুৱা। তেওঁলোকৰ এনে চেষ্টাই এনে এটা সন্দেহ জমায়, বঙলা ভাষা মূলতে হয়তো অসমীয়া ভাষাৰ ভিতৰুৱাই আছিল। কালত তাৰ এটি পোখাই পছিন বঙ্গৰ ফালে পোহ ধৰি আধুনিক বাঙলা ভাষা আৰু সাহিত্যৰ জন্ম দিছে। চণ্ডীদাসৰ উদয়-কালত অসমীয়া সাহিত্য সুপ্ৰতিষ্ঠিত। তাৰ পিছতহে বঙলা মহাভাৰত, ৰামায়ণ আদি ৰচিত হয়। এইবোৰৰ ভাষা আৰু ব্যাকৰণে অসমীয়া ভাষা-ব্যাকৰণৰ