পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৪৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

১৪৬   শ্ৰীডিম্বেশ্বৰ নেওগ

নালাগে, মূল সংস্কৃত ভাষাই এনে কোনো পুৰণি ভাৰতীয় উপভাষাৰ- পৰা ওপজা হ’ব পাৰে বুলি কোনো-কোনোৱে ক'বলৈ আগ বাঢ়ে।

  মহাকাব্য আৰু সৰবৰহী সংস্কৃতৰ শেষ কাল ক্ৰমে খ্ৰীঃ পূঃ ৬০০ আৰু ৫০০ বছৰ; পালি আৰু প্ৰাকৃতৰ শেষ কাল ক্ৰমে ২০০ আৰু ৬০০ খ্ৰীঃ; আৰু প্ৰাকৃত ভাষাবোৰ আধুনিক প্ৰাদেশিক ভাষাৰ গাঢ়লৈ অহা শেষ কাল ১১০০ খ্ৰীষ্টাব্দ।

  ইয়াৰপৰা এনে সিদ্ধান্ত হ'ব পাৰে—বৈদিক আৰ্য্যসকলে এই আদি ইণ্ড-জাৰ্মান বা ইণ্ড-য়ুৰোপীয় পৰিয়াল এৰি অহাৰ আগতে আন এদলে সেই ঠাই এৰি আহি আন ঠাইত সেই আদি ভাষাৰ বৈশিষ্ট্য ৰক্ষা কৰি আছিল। তেনেহ'লে এই কথাই প্ৰাক্ বৈদিক যুগতে অসমত আৰ্য্য- উপনিৱেশ স্থাপনলৈকে থিৰকৈ আঙুলিয়াবনে?—তেনে সিদ্ধান্ত বৰ ততা-তৈয়া হয়। হয়তো সেই আদিম্ আৰ্য্য-পৰিয়ালৰে দুটা ভাগ আছিল, আৰু দুইৰো নিজ বৈশিষ্ট্য আছিল; নহ'লে, একেলগে থকা একেটি পৰিয়ালৰে এটা ডাল ভাগি আহি অসম পোৱাৰ ভালেখিনি আগতে, আন কোনো ঠাইত এই আদৰব বিশিষ্টতা ৰক্ষা কৰি থাকি, পিছত অসমলৈ আহিছিল। তথাপি এনে কথাও অসম্ভৱ নহয়, ইণ্ড- জাৰ্মান যুগত নহ’লেও, অন্ততঃ সংস্কৃতি যুগৰ আগতে, আৰ্য্যৰ এটি সোঁত হিমালয়ৰ উত্তৰ-পূব দুৱাৰেদি অসমলৈ আহি ইয়াত থিতাপি হৈছিল। পাৰ্জিটাব্ আদি পণ্ডিতে এই মতৰ পোষকতা কৰে।

  ভাৰতবৰ্ষলৈ যে আৰ্য্যৰ সোঁত একাধিক আছিল, হৰ্ন্লী ছাহাবৰ অন্তৰ্বৃত্ত আৰু বহি বহিৰ্বিত্ত্বই তাক সমৰ্থন কৰে; কিয়নো তেওঁৰ মতে ভাৰতীয় আৰ্য্য ভাষাবোৰৰ বিশ্লেষণত যি সুকীয়া স্তৰ দেখা হয়, ভিন্ ভিন্ সময়ত অহা আৰ্য্য সোঁতেই তাৰ কাৰণ। মাজ-এছিয়া,