পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৪৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

১৪৪   ডিম্বেশ্বৰ নেওগ

  এই ঘোপ-মৰা আন্ধাৰৰ মাজতে জানিবা, বিজুলীৰ দৰে উজ্জ্বল, অথচ থিৰ, এছাটি পোহৰ আহিল, সি অৱশ্যে ঈশ্বৰ-প্ৰেৰিত স্বৰূপ। সেয়ে হৈছে আমেৰিকাৰ বেপটিষ্ট্ মিছন্ সমাজৰ সমজুৱাসকলৰ অসমলৈ শুভাগমন। ঠিক যি বছৰত অসমীয়া ভাষাক নিজ প্ৰাপ্যৰ- পৰা বঞ্চিত কৰি অপমানিত কৰা হয়, অবিকল সেই একে ছনতে এওঁলোকৰ, যেন তাৰ প্ৰতিবিধান কৰিবলৈকে, অসমত পদাৰ্পণ। সেইদৰে আধুনিক অসমীয়া সাহিত্যৰ গুৰিত যি অনিষ্টৰ বিহু ঢলা হৈছিল এওঁলোকে তাৰ জোখাৰেই চোকা ঔষধি দি সেই গছজোপা কথমপি জীয়ালে। এইদৰে আধুনিক অসমীয়া জাতি নিজ জাতীয় জীৱনৰ বাবে এইসকলৰ ওচৰত কিমান ঋণী, তাক বঢ়াই কোৱা টান।

  অসমীয়া ভাষাৰ এই বিপদৰ কাল, আৰম্ভৰপৰা ধৰি, দুকুৰি বছৰৰ ওচৰা-উচৰি। এই মহানুভৱ পাদ্ৰীসকলে ততোধিক কাল এই অন্যায়ৰ প্ৰতিকাৰ কৰিবলৈ যুঁজিছিল। এওঁলোকৰ এই পৱিত্ৰ উদ্দেশ্যত লাহে ধীৰে দেশী লোক দুই এজনেও যোগ দিছিল। সেইসকলৰ ভিতৰত আটাইতকৈ আগৰ আগৰণুৱা স্বনাম-ধন্য আনন্দৰাম ঢেকিয়াল ফুকন৷ ১৭৫১ শকৰ ৭ আহনিত এওঁৰ জন্ম; গতিকে ১৮২৯ চনৰ ছেপ্টেম্বৰ বা ১৮৩০ চনকে আধুনিক অসমীয়া সাহিত্যৰ পাতনিৰ কাল বুলি ধৰা হ’ল।

  অসমীয়াই এইদৰে জীৱন-মৰণৰ কথা ভাবি নুপুওৱা দুখৰ নিশাৰ ওৰ পৰিবলৈ বাট চাওঁতেই, সিফালে লগৰীয়া আন আটাই বোৰ প্ৰদেশেই ইংৰাজ শাসনৰ উম-লগা ৰ’দ কাঁচলি পঠিত লৈ নিজ ভাষা, সাহিত্য আৰু, শিল্পৰ উন্নতিত ভালেখিনি আগ বাঢ়িল। আনৰ কথাকে নকওঁ, নিজ ভনী বঙলা ভাষাই ইয়াৰ ভিতৰতে অসমীয়াক চেৰ