পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৪৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

  আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ পাতনি ১৪৩

  পৰা হাত সাৰিলে, দেশী ভাইহঁতৰ চাউল-কঠি মুকলি হ'বৰ বাবে চৰণীয়া পথাৰ আৰু আহল-বহল দেখিলে আৰু তেওঁলোকৰ ’বৃহত্তৰ’ দেশৰ কল্পনাৰ এটি ছেগ মিলিল; আন ফালে, সেইদৰে অসমীয়াৰ জ্ঞান-অৰ্জ্জনৰ বাট, মাতৃ-ভাষা, জাতীয় সাহিত্য আৰু জাতীয় জীৱনৰ উৎকৰ্ষ-সাধনত চিৰকাললৈ এটি বাধা পৰিল।

  চোৰেই গৃহস্থটো হৈ উলটি গৃহস্থকে চৰখ বুলি ধৰাৰ দৰে, চাপনী বঙলা ভাষাই অসমীয়াৰ বৰঘৰত বিলনীয়া উঠিল হয়, তেওঁৰ হাতৰ জলপাল আৰু প্ৰসাদ, দেৱতাৰ নালাগে, মানুহৰে গ্ৰহণীয় হ’ব নোৱা- ৰিলে। পাঁচ-ছ বছৰ কাল পঢ়িও অসমীয়া ল’ৰাই বঙলাৰ মাখিছালকে ছিঙিব নোৱাৰে, জ্ঞান-অৰ্জ্জন থাওক পৰি। কোনোবাই তাহানি ৰস কৰি ক’বৰ দৰে, বঙলা শিক্ষকে আমি তোমাকে বাটীতে পৌছা- ইয়া দিব” বোলা কথাৰ মৰ্ম্ম অসমীয়া ছাত্ৰই বুজিলে, শিক্ষকে তেওঁক আঞ্ৰব বাটিত পহুৰ মঙহ চাই চাই দিব! বঙলা পঢ়ুওৱা অসমীয়া শিক্ষকৰ বঙলা জ্ঞানো তথৈৱচ। ল’ৰাক শিক্ষকে বঙলাৰে কৈছে,—“চনিবাৰে চনিবাৰে তোৰ চদায় জ্বৰ উঠে। চৰুৰেপৰা আমি তোকে এইচোপাহে চিকালোঁ।

  ইমানতো সেই বিচাৰ নোহোৱা আচাৰৰ ওৰ নপৰে; অসমৰ শিক্ষা, সাহিত্য আৰু জাতীয় জীৱনৰ বহুত অন্তৰলৈ ই শিপাইছে! আজি- লৈকে একশ্ৰেণী লোকৰ নিজ মাতৃ-ভাষা সম্পৰ্কে অনাস্থা, অনাদৰ, নীচাত্মিক৷; আৰু বঙলাৰ প্ৰতি অদ্ভুত আস্থা, আগ্ৰহ আৰু শ্ৰদ্ধা; নিজৰ ভাষা, সাহিত্য, খোৱা-পিন্ধা, কথা-বাৰ্তা, কেয়ো-প্ৰসঙ্ৰগ ৰুচিতে অস্বাভাৱিক বঙলুৱা ভঁজ; সেই অমঙ্গলীয়া ঘটনাই এই সকলোৰে ঘাই গুৰি। তাৰপৰাই অসমীয়া জাতীয়তা যিদৰে বিজতৰীয়া হৈছে নিকা কাপোৰৰ সেই চেকাই ইমান ধোৱাতো গুচা নাই।