পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১৪২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

১৪০   ডিম্বেশ্বৰ নেওগ

১৭৫৫ শকৰ ১ বহাগত অসমৰ উজনি ছোৱাৰ শাসন-ভাৰ লালবন্দী বা কৰতলীয়াকৈ আগৰ জন ৰজা পুৰন্দবসিংহৰ হাতত দিয়া হয়। ৫ বছৰ, ৪মাহ, ২৯ দিন ৰাজ চলোৱাৰ পিছত তেওঁক ৰজা গুচাই, ১৭৬০ শকৰ ৩০ ভাদত উজনি নামনি দুয়োছোৱা ( জুনিয়ৰ আৰু ছিনিয়ৰ্ খণ্ড) লগ লগাই, নতুন অসম প্ৰদেশ গঠিত কৰি, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইয়াৰ শাসন-ভাৰ নিজ হাতলৈ লয়। ইয়াৰ কুৰি বছৰৰ পিছতহে (১৮৫৮ খ্ৰীষ্টাব্দ) এই কোম্পানীয়ে ভাৰত-সম্ৰাজ্ঞী মহাৰাণী ভিক্টৰিয়াৰ গবৰ্ণমেণ্টক এই প্ৰদেশৰ শাসন-ভাৰ সমৰ্পণ কৰে।

  একে লেথাৰিয়ে নাই নাই বুলিও তিনিকুৰি বছৰ এইদৰে ঘৰুৱা কাজিয়া-পেচালত জুৰুলা হৈ, মান-মৰাণৰ গৰকত চেপেটা লাগি থাকি অসমীয়া প্ৰজাই জানিবা শেহত এইফেৰা সকাহ পালে, অসমৰ ভাগ্য আকাশত এচেৰেঙা ৰ’দে দেখা দিলে। ইমানদিনে ভয়-চিন্তাত শুকাই-উবাই টেমি যেন হোৱা মুখলৈ এটুপি ৰস আহিল, আৰু মৰি- শালি যেন হোৱা সোণৰ অসম আকৌ ঘৰমুৱা হ’বলৈ ধৰিলে। ইষ্ট- ইণ্ডিয়া কোম্পানীয়ে অসমৰ শাসন-ভাৰ গ্ৰহণ কৰাত, ভালেখিনি বছৰৰ মূৰত শান্তি আৰু সুশাসনৰ মুখ দেখি, ঘাইকৈ আৰবী জাতি অত্যাচাৰৰ হাত সাৰি সুসভ্য ইংৰাজৰ আমোলত স্বস্তিৰ উশাহ ল’বলৈ ছেগ পাই, অসমীয়া প্ৰজাই হিয়া উবুৰিয়াই তেওঁলোকক আশীৰ্ব্বাদ কৰিলে। শান্তিৰ বিজয় পতাকা-স্বৰূপ শিল্প অৰুি সাহিত্যৰ উন্নতি দূৰত থাওক, নিজ আৰু লৰা-তিৰুতাৰ জীৱন, ধন-সম্পত্তি, লাম-লাকটুকেইডালকে তেওঁ এবেগলৈ থিতাপি বুলি ভাবিব পৰা হ'ল; অকল ইয়াৰ বাবেই তেওঁলোকে ধন্য ধন্য কৰিবলৈ ধৰিলে। ইমানেই নহয়, আগৰ ৰজা, ৰাজ-পৰিয়াল, মুখিয়াল ৰাজ-বিষয়া, ৰাজ-পুৰোহিত, পণ্ডিত, পূজাৰি