পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৪
শ্ৰীনীলমণি ফুকন


বন-গীত, গৰখীয়া ল'ৰাৰ গীত, পুৰণি পুথি আদিত বহুত তথ্য সোমাই থাকে। সেইবিলাকৰ গৱেষণামূলক আলোচনা হলে, তাৰ নতুন ধাৰাই সাহিত্য-ক্ষেত্ৰ উৰ্ব্বৰ কৰি তোলে। তাক ভালদৰে মাৰি ৰহণ সানিব জানিলে আকৌ একেবাৰে নতুন হৈ জকমকাই উঠে। ভৌগোলিক, প্ৰত্নতাত্ত্বিক, সামাজিক আদি বহুত বিষয়ত পুৰণি কথা- বিলাক উদ্ঘাটন কৰি চালি-জাৰি ল'লে, তাতো সাহিত্যৰ ভালেখিনি নলখু পোৱা যায়। এইদৰে সাহিত্য কলাৰ উপাদানবিলাক গোটাই আলোচনা কৰিব পাৰিলে, প্ৰতিভাশালী লোকৰ হাতত পৰিলে, সেয়ে নিতে নৱ-ৰস দিব পৰা অমৰণ সাহিত্য, অভগন কলা সৃষ্টি কৰি জাতিৰ মুখ-ৰুচিকৰ অমৃতবস্তু হ'ব পাৰে। কিছুমান স্থানীয় ঘটনাৰ বিৱৰণ, উপকথাৰ আলম লৈয়েই মহাকবি শেক্সপিয়েৰে জগতৰ সকলো জাতিৰ নাট-ঘৰত শুজাকৈ নাটবিলাক লিখি মানৱ-সাধাৰণৰ চৰিত্ৰ তাত প্ৰতিফলিত কৰি দেখুৱাব পাৰিছিল। সকলো জাতিৰ মাজতে তেনে ঘটনা, উপকথা, গল্প আদি আছে। প্ৰতিভাশালী লোক থাকিলে তাৰ আলম লৈ লিখা নাটকেৰে সেই সেই জাতিৰ সাহিত্য-ভঁৰালৰো একো একো খোঁটালি ঠাহি ভৰাব পাবিব। জাৰ্ম্মানীৰ দৰে উন্নতি- পথত দহ গোজ পাছ নপৰি আগ বঢ়া জাতি এটাই আজি কি কৰিছে? জাৰ্ম্মান সভ্যতাৰ পুৰণি শিপাডাল বিচাৰি উলিয়াই তাত চাৰিওফালৰ- পৰা সাৰ পানী দি গুৰি শকত কৰি ল’বৰ চেষ্টা কৰিছে। অথচ বৰ্ত্তমান যুগৰ সকলো সঁজুলি তাত ব্যৱহাৰ কৰিছে। আগৰ দিনৰ জাতীয় উৎসৱ, ফঁকৰা, সাধুকথা আকৌ প্ৰচলিত কৰিছে।
 ছয় ঋতুৰ পৰিবৰ্ত্তন সদায় আছে। অথচ এইখিনিতেই পৰিৱৰ্তন হ'ল বুলি গম ধৰা টান । প্ৰত্যেক ঋতুৱেই বছৰি ঘূৰি ঘূৰি আহে।