পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১০৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৫
প্ৰাক্-ঐতিহাসিক যুগ

হোৱা বুলি লিখিছে। আমাৰ দেশৰ বৈশ্য, হালুৱৈ, শালৈ, মালী আদি আৰ্য্য জাতিযে তাত কোনো সন্দেহ নাই। আৰ্য্যবিলাক ভাৰতত সোমোৱাৰ সময়তে মঙ্গোলীয় জাতি আহিছিল বুলি বহুতে কয়, কিন্তু হটন্ ছাহাবে আল্পীয়বিলাক অহ৷ সময়তেই সেই মঙ্গোলীয় জাতি ভাৰতলৈ আহি বঙ্গোপসাগৰ পৰ্যন্ত আন কি ইণ্ডোনেছিয়া পৰ্য্যন্ত বিস্তৃত হৈ পৰে বুলি সিদ্ধান্ত কৰিছে। এই বিষয়ে কাৰ মত শুদ্ধ, তাক নিশ্চয় কৰা টান। মঙ্গোলীয় জাতিৰ ভাষা ইণ্ড-চীনাৰ অন্তৰ্গত তিব্বতী-বৰ্ম্মন্ ফৈদৰ। আমাৰ দেশৰ কোচ, কছাৰী, ৰাভা, চুটীয়া, মিকিৰ, লালুং, গাৰো, নগা, কুকি আদি মঙ্গোলীয় জাতিৰপৰা উৎপত্তি বুলি ৰায় বাহাদুৰ কনকলাল বৰুৱাই তেখেতৰ 'আৰ্লি হিষ্ট্ৰি'ত লিখিছে। এতিয়া আমি ক'ব খোজোঁ, আমাৰ দেশত জাতি আৰু ভাষা বহলভাৱে বিচাৰ কৰিবৰ অৱশ্যক আৰু ভৱিষ্যতে এই বিষয় বহুলভাৱে আলোচনা হ'ব বুলিয়েই আমি আশা কৰি আমাৰ এই নীবস প্ৰৱন্ধৰ সমৰাণি ইয়াতে মাৰিলোঁ।

শ্ৰীসোণাৰাম চৌধুৰী