পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/১০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
সোণাৰাম চৌধুৰী

আল্পীয় নাম দিছে। এই জাতিৰ লগতে এক উচচ সভ্যতা, শিল্প, ধৰ্ম্ম আদি ভাৰতত সোমায়হি। সিহঁতৰ ধৰ্ম্ম অনেক অংশে পূৰ্ব্ব- ভূমধ্যসাগৰীয় বিলাকৰ ধৰ্ম্মৰ লগত মিলে। সিহঁতে ব্যৱহাৰ কৰা ভাষা সম্ভৱতঃ দ্ৰাবিড়ীয়েই আছিল, সেই ভাষাৰ আখৰ প্ৰাক্-ঐতিহাসিক যুগৰ মেছোপটেমিয়াৰ চিত্ৰ-লিপিৰ সদৃশ আছিল। ইহঁতৰ ভাষাৰ ওপৰত ইৰাণীয় মালভূমিৰ পিশাচী বা দাৰ্দ্দিক ভাষাৰ হেঁচা পৰিছিল। ইহঁতৰ এটা দল দক্ষিণলৈ সোমাই গৈছিল; আন দলটো গঙ্গা উপত্যকাৰ ফালে ঠেলি গৈছিল। কিন্তু ইহঁতৰ সভ্যতাই ভূমধ্যসাগৰীয় সভ্যতাক আঁতৰাবৰ শকতি নহ'ল। এই জাতি সম্বন্ধে হটন্ আৰু গ্ৰিয়াৰ্ছন ছাহাবে এই দৰে লিখিছে,—খ্ৰীষ্টীয় ৩০০০ বছৰ পূৰ্ব্বেই আল্পীয় জাতিৰ আগমন হৈছিল। এই আল্পীয়বিলাক ছুটি-মূৰীয়া আৰু সৰু-নকা আছিল। সিহঁতে ভাৰতলৈ অহাৰ পূৰ্ব্বে ইৰাণৰ ভিতৰত বা তাৰ ওচৰত মালভূমিত বাস কৰিছিল। ইৰাণত থাকোঁতেই আল্পীয়বিলাকে ইৰাণীয়ৰ সম্পৰ্কত দাৰ্দ্দিক বা পিশাচী সঁচৰ এটা আৰ্য্য-ভাষা গ্ৰহণ কৰিছিল। যেতিয়া সিহঁত ভাৰতত সোমাইছিলহি, তেতিয়া সিহঁতৰ এটা শাখা পশ্চিম উপকূল ধৰি দক্ষিণলৈ সোমাই গৈছিল, আন শাখাই সম্ভৱতঃ ভাৰতৰ মধ্যখণ্ডত নেথাকি পূৱ-ভাৰতত বাস কৰিছিলহি। সিহঁতৰ ভাষাকে গ্ৰিয়াৰ্ছন ছাহাবে ভাৰতীয় আৰ্য্য ভাষাৰ বহিৰ্বৃত্তৰ অন্তৰ্ভুক্ত কৰিছে। বৰ্তমানে এই বহিৰ্বৃত্তৰ অন্তৰ্গত ভাষাবিলাক হৈছে,—বিহাৰী, বঙলা, উৰিয়া আৰু অসমীয়া। ডক্টৰ গুহৰ মতে এই জাতিৰ অস্তিত্ব অৰ্থাৎ গঢ়-গতি জাতি-কালি গুজৰাটৰ নাগব ব্ৰাহ্মণত, বঙ্গদেশৰ কায়স্থ জাতিত আৰু চিত্ৰলৰ খোছ জাতিত আছে!