এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
33 ব্যাকৰণ পাঠ। সপ্তমী—ত—লৰাত। ৩। এইবোৰক শব্দ-বিভক্তি বোলে। কিন্তু জান আন শব্দৰ দৰে ক্ৰিয়াবোৰকো ডাঙৰ সৰু কৰিব পাৰি। যেনে খা ক্ৰিয়াটোৰপৰা খাওঁ, খায়, খইছিল খাইছে, খাম, খাৰ ইত্যাদি বহুত নতুন অৰ্থ বুজোৱা ক্ৰিয়া কৰিব পাৰি। ইয়াতে৷ আগৰ দৰে কিছুমান নতুন আখৰ লগাই দিব লাগে—ওপৰত ওঁ, য়, ইছিল অথিৰ লগাই দিয়া হৈছে। বিভক্তি বোলে। ইছে, ম, ব, এইবিলাক এইবোৰক ক্ৰিয়া- ৪। গতিকে বিভক্তি দু বিধ :--- (ক) শব্দ বিভক্তি। (খ) ক্ৰিয়া বিভক্তি। আৰু শব্দবিভক্তিৰ পুনৰ সাতোটা ভাগ। ক্ৰিয়া বিভক্তিৰো অনেক ভাগ আছে - তাক এই ভাগ ব্যাকৰণ পাঠত দিয়া নহল। প্ৰশ্ন। (ক) শব্দ বিভক্তি কাক বোলে? সি কেই প্ৰকাৰ আৰু কি কি? (খ) পঞ্চমী আৰু দ্বিতীয়া বিভক্তিৰ চিন কি? (গ) জিন্না বিভক্তি কাক বোলে? তাৰ চিন এটা দেখুৱা 1