পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৮৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৫
বৈষ্ণৱী কীৰ্ত্তন।

বিশ্বৰূপ ব্ৰাহ্মণৰ হন্তে মহামতি।
এহি মহা বিদ্যাক জানিয়া সুৰপতি॥
অসুৰ সৱক জিনি ঘোৰ সমৰত।
ত্ৰৈলোক্যৰ লক্ষ্মীক জূঞ্জিয়া অব্যাহত॥
ইটো কথা এহিমানে ভৈল সমাপতি।
মহেন্দ্ৰৰ আগে বিশ্বৰূপ নিগদতি॥
কৃষ্ণৰ কিঙ্কৰে কহে এৰা আন কাম।
পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম॥


ভাটৰ ভটিমা।

পৰি পুন্য ভাট চপয় কহে বাণী।
কৃষ্ণক আগে ৰূপ গুণক বখানি॥
জয় যদুনন্দন দেৱক দেৱা।
তোহাৰি চৰণে কৰোহে বহু সেৱা॥
তোহাৰ মহিমা কহতু নাহি অন্ত।
পূৰল পৰল কীৰিতি দিগন্ত॥
তোহোৰ সম পুৰুষ কহিতু নাহি পাই।
বোলো অব বছনক শুনহ গোসাই॥
হামাকু কুণ্ডিল নগৰী অনুপম।
আছে কন্যা এক ৰুকমিণী নাম॥