পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৮৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮১
বৈষ্ণৱী কীৰ্ত্তন।

পাছ ৰাত্ৰি ৰাখন্তোক শ্ৰীবৎসলাঞ্ছন
প্ৰত্যুষ কালত খড়্গ ধৰি জনাৰ্দ্দন॥
উভয় সন্ধ্যাত ৰাখন্তোক দামোদৰে।
ভগৱন্ত কালমুৰ্ত্তি যিতো বিশ্বেশ্বৰে॥
প্ৰলয় অগনি সম চক্ৰ তীক্ষ্ণধাৰ।
মাধৱৰ আদেশে ভ্ৰমিয়ো নিৰন্তৰ॥
দহিয়ো দহিয়ো মোৰ শত্ৰু সেনা যত।
শুকান বনক বহ্নি দহে যেন মত॥
হে কৌমুদকী গদা মাধৱৰ প্ৰিয়া।
গোবিন্দৰ দাস ভৈলো কৰিয়োক দয়া॥
বজ্ৰতো অধিক দৃঢ় দেখি হোৱে ভীত।
যক্ষ ৰাক্ষসাদি যত কৰা চূৰ্ণীকৃত॥
হে পাঞ্চজন্য মাধৱৰ প্ৰিয়া শঙ্খ।
মোৰ শত্ৰুগণৰ লগায়ে হৃদিতঙ্ক॥
প্ৰেত পিশাচক ঘোৰ ৰক্ষ ৰাক্ষসক।
চণ্ডনাদ কৰি সবে খেদায়ো দূৰক॥
শুনিয়ো নন্দক খড়্গ বৰ তীক্ষ্ণধাৰ।
প্ৰভুৰ আদেশে শত্ৰু ছেদিয়ো আমাৰ॥
হে শতচন্দ্ৰ চৰ্ম্ম প্ৰিয় মাধৱৰ।
চাৰিয়োক চক্ষুচয় শক্ত কটকৰ॥
গ্ৰহগণ কেতু হতে মিলে যিতো ভয়।
সৰ্প ব্যাঘ ভূতাদিত যিব ভয় হয়॥

-১১