এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮০
বৈষ্ণৱী কীৰ্ত্তন।
কপিলে ৰাখন্তো মোক কৰ্ম্ম বন্ধনত।
সতকুমাৰে মোক ৰাখন্তো কামত॥
দেৱ ছেলনত ৰাখন্তোক হয়গ্ৰীৱ।
কৃষ্ণ পূজা ছিদ্ৰত নাৰদ সদাশিৱ॥
নৰকত হন্তে ৰাখন্তোক কুৰ্ম্মহৰি।
অপথ্য ভোজনে ৰাখন্তোক ধন্বন্তৰী॥
ক্ষুধা-তৃষ্ণা, লোভমোহ, শীত-উষ্ণ যত।
সৰভ ঈশ্বৰে মোক ৰাখন্তো সতত॥
যজ্ঞে ৰাখন্তোক মোক লোক কলঙ্কত।
বলভদ্ৰে ৰাখন্তো দুৰ্ঘট কালত॥
অনন্তে ৰাখন্তো মোক সৰ্পৰ বিষত।
ভগৱন্ত ব্যাসে ৰাখন্তোক অজ্ঞানত।
বুদ্ধে ৰাখন্তোক পাষণ্ডৰ বিবাদত।
কল্কী ৰাখন্তোক কলিমল পাতকত॥
প্ৰভাতত গদা ধৰি ৰাখন্তো কেশৱে।
বেণু ধৰি গোবিন্দে ৰাখন্তো আসঙ্গৱে॥
পূৰ্ব্বাহ্নে ৰাখন্তো শক্তি ধৰি নাৰায়ণে।
চক্ৰ ধৰি বিষ্ণুৱে ৰাখন্তো মধ্য দিনে॥
অপৰাহ্নে মধুৰিপু ধৰি উগ্ৰ ধনু।
সায়াহ্নে মাধৱে মোক ৰাখন্তোক পুনু॥
সন্ধ্যাকালে হৃষীকেশ ৰাখন্তোক মোক।
অৰ্ধৰাত্ৰি কালে পদ্মনাভে ৰাখন্তোক॥