এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
বৈষ্ণৱী কীৰ্ত্তন৷
নিজ ভৃত্য কৰি লৈয়ো গোপীনাথ এ,
তযু কৃপাময় মিলয় কোন প্ৰমাণ॥
হে দয়াশীল দেৱ দামোদৰ এ,
তোমাৰ চৰণে বোলোহোঁ কাকুতি বাণী।
মোক নিজ দাস কৰি লৈলে হৰি এ,
কহিয়ো কৃপাল তোমাৰ কি হয় হানি॥
পৰম কৃপালু হুয়া যদুপতি এ,
কোন অপৰাধে মোক ভৃত্য পৰিহৰা।
শাস্ত্ৰতো প্ৰসিদ্ধ অজ্ঞানতো হৰি এ,
যিটো নাম লৱে তাকে মোৰ বুলি ধৰা॥
জ্ঞানশূন্য আতি পশু-পক্ষী জাতি এ,
তাকো অনুগ্ৰহ কৰি আছা কৃপাময়।
আকে জানি হৰি শৰণে পশিলো এ,
আমাক তোমাৰ তেজিতে উচিত নয়॥
তোমাৰেসে নিজ ভৃত্য ভৈলো হৰি এ,
কৃপাৰ সাগৰ তুমি মোৰ নিজ স্বামী।
মই অনাথক নবঞ্চিবা হৰি এ,
তযু সেৱা-ৰস আশা কৰি আছো আমি॥
বেদৰ গুপুত বিত্ত নাৰায়ণ এ,
দৈৱকীত হন্তে সাক্ষাতে ভৈলা বিদিত।
জীৱৰ তাৰণ হেতু নাৰায়ণ এ,
প্ৰচাৰিলা নিজ যশ ধৰ্ম্ম বিপৰীত॥