পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
বৈষ্ণৱী কীৰ্ত্তন

হাঁ হাঁ দয়াময় মোৰ কি কৰিলা গতি।
প্ৰভু তুৱা নাম লৈতে হৌক মোৰ মতি॥
কৰ্ম্ম দোষে যিবা জন্ম হোৱে সংসাৰত।
তাতো নছাড়োক চিত্ত তুৱা চৰণত॥
সদায় ঘোষোক ৰাম নাম মোৰ মুখে।
সংসাৰ সাগৰ তেবে তৰো মই সুখে॥
সকল জগত তযু মায়ায়ে মোহিত।
তোমাৰ চৰণে প্ৰভু কেৱে নেদে চিত্ত॥
পুত্ৰ দাৰা নিগড়ে বান্ধিলা দুয়ো ভৰি।
মৰন্তে আছোহোঁ তবু নোবোলোহো হৰি॥
দুৰ্ল্লভ মনুষ্য জন্ম ভাৰতত পাইলো।
তোমাক নেসেবি বৃথা জনম গঁৱাইলো॥
নিচিন্তিলো একবাৰ তোমাৰ চৰণ।
তৰু-বন জীয়ে যেন আমাৰ জীৱন॥
বিষয়ত ভোল হুয়া কৰিলোহো ভোগ।
তাৰ ফলে শৃগাল শ্বানৰ ভৈলো যোগ॥
ভৱ তৰিবাৰ যোগ্য লভিলো শৰীৰ।
বিষয় বাতাসে পায়া কৰিলে অস্থিৰ॥
কৰে টলবল দেহা কেনে হুইবো পাৰ।
এভু দাস বুলি প্ৰভু কৰিবো উদ্ধাৰ॥
সুকবি শেখৰ তুৱা দাসৰ দাস।
কাতৰ কৰোহো দিয়ো চৰণত বাস॥