এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫০
৫১
বৈষ্ণৱী কীৰ্ত্তন।
নেত্ৰৰ লোতক পৰে ধাৰে।
ঘনে ঘনে নিশ্বাস ফোঁকাৰে॥
হৰি বিনা নভাবে বচনে।
নপাসৰে সচেতে সপনে॥
ৰাত্ৰি দিনে গাৱে হৰি গীত।
কৃষ্ণতে অৰ্পিলা প্ৰাণ চিত্ত॥
কায়স্থ শঙ্কৰে এভু ভণে।
হৰি কথা শুনা সৰ্ব্বজনে॥
হৰিৰ কীৰ্ত্তন মুখে কৰা।
মাধৱৰ ৰূপ হিয়ে ধৰা॥
অল্প পুণ্যে নপাই আৰু জানি।
সদা নছাড়িবা ৰাম বাণী॥
পাপীজনে হৰি নুসুমৰে।
পাতকে মুখত চেপি ধৰে॥
আনে সুমৰন্তে শুনি মৰে।
পাপে চিত্ত উচপিচ কৰে॥
হৰিধ্বনি শুনি কাণ ফাটে।
নিন্দা কৰি ফুৰে হাটে বাটে॥
হেন জানি পাপক সংহৰি।
সদায় ঘুষিয়ো হৰি হৰি॥