পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
বৈষ্ণৱী কীৰ্ত্তন।

তুমিশে কোৱলে কৰুণাসাগৰ।
তোমাক নভজো কি মই পামৰ॥
এবে কৃপাময় দিয়োক শৰণ।
দোষ মৰিষণ তোমাৰ চৰণ॥
ইবাৰ ঈশ্বৰ নছড়িবা মোক।
মোৰ মন মজি তোমাতে ৰহোক॥


হিয়াৰ মাঝে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়।
ৰাম নামে মাৰণা মাৰে, পাপ কটকৰ ক্ষয়॥
পাপ বিপক্ষক সংহৰি হৰি নামে খলখলি হাসে।
সকলো ধৰ্ম্মৰ উপৰে বসিয়া হৰি নাম প্ৰকাশে॥
মুকুতি সুখক বশ্য কৰি হৰি নামে আনন্দত নাচে।
পুৰুষে সহিতে সখিত্ব কৰিয়া চলয় হৰিষ কাছে॥
আপোন নামৰ মহিমা দেখিয়া হৰিৰ আনন্দ চৰে।
যিতো নাম লয় হৰি তাৰ হয় ইপুনু ৰহস্য বড়ে॥
হৰিগুণনাম ভাবিয়া পুৰুষে ৰহয় হৰিৰ পাশে।
হৰিৰ চৰণ হৃদয়ে ধৰিয়া কহয় মাধৱ দাসে॥


এ ভাৱক ভাই ভজ ভগৱন্ত ভক্তিভাৱে।
ভগৱন্তু ভজিয়া পৰম গতি পাৱে॥
ভগৱন্ত নভজি চলয় যম ঠাৱে।
ভগবন্ত ভকতক শমনে নধাৱে॥

--৬