পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
বৈষ্ণৱী কীৰ্ত্তন।

শোক মোহ ভয় মহাপাকে ভাল কৰে।
তৃষ্ণা তৰঙ্গে পায়া সব শ্ৰুতি হৰে॥
চিন্তা নাম বাড়ব-অগনি শোষে প্ৰাণ।
নাহিকে তৰণী তুৱা পদ বিনে আন॥
জানিয়া তোমাৰ পাৱে পশিলো শৰণ।
কহয় মাধৱ গতি অৰুণ চৰণ॥


ৰাগ সেয়ে।

কেমনে পাইবো হৰি চৰণ তোৰে।
এ দুঃখ সাগৰে উদ্ধাৰ মোৰে॥
এ ভৱ আটোপ অৰণ্য মাজে।
কালব্যাধে মৃগ মাৰিতে সাজে।
হামো পশু মায়াজালত বন্দী।
নাহি দেখোঁ হামু পলাইতে সন্ধি॥
কাম ক্ৰোধ কুত্তা কামুৰি খায়।
বিষয় বিষ লাগি এ জীৱ যায়॥
ৰূপ ৰস আদি এ পঞ্চবাণে।
হৃদয় মাজে হামু ফুটল টানে॥
পাপ পুণ্য ভৈল এ বৰ ডোৰ।
গলাৰ মাজে ছান্দি বান্ধিল মোৰ॥
কালব্যাধে ধৰি লই যায় টানি।
ৰাখু ৰাখু মোৰে শাৰঙ্গপাণি॥