উল্লেখ কৰা গৈছে। সুধী পণ্ডিত সকলে ইয়াৰ সুমীমাংসা কৰি
দিলে, আগ্ৰহেৰে গ্ৰহণ কৰিবলৈ সাজু থকা হ’ল।
পুথি খনি শ্ৰীযুত সৰ্ব্বেশ্বৰ দাস মহাশয়ৰ পৰামৰ্শ মতে কীৰ্ত্তনৰ আৰ্হিত ৰচনা কৰা হৈছে, তদুপৰি তেখেতে আৰু শ্ৰীযুত হলিৰাম মহন্ত ঠাকুৰ ডাঙ্গৰীয়াই চাই দি, ছপাবলৈ পুনঃ পুনঃ উৎসাহিত কৰা বাৱে চিৰকৃতজ্ঞতাৰ ভাজন হৈছে। ইয়াৰ বাহিৰেও ভালে মান সন্ত-মহন্তই আৰু প্ৰবীন সাহিত্যিকে সোন কালে প্ৰকাশ কৰিবলৈ উৎসাহিত কৰাত ভিতৰুৱাকৈ তেওঁ লোকৰ ওচৰত শলাগৰ শৰাই আগ বঢ়ালোঁ।
তদুপৰি ও স্বনাম ধন্য পৰম ভক্তি ভাজন সাহিত্য-ৰথী শ্ৰীযুত ৰজনীকান্ত বৰদলৈ ডাঙ্গৰীয়াদেৱে পৰিশেষত চাই দি মতামত দিছে যে—“প্ৰিয় শিবৰাম তোমাৰ এই খান পুথি চাই দিলোঁ। ছপোৱা। পুথি খান ভাল হৈছে।” এই কাৰণে তেখেতৰ শ্ৰীপদলৈ সভক্তি অন্তৰে ৰচোঁতাই শলাগৰ শৰাই আগ বঢ়াই চিৰ কৃতজ্ঞ থাকিল।
পৰিশেষত ৰাইজৰ ওচৰত মিনতিৰে কওঁ যে, অন্ততঃ ধৰ্ম্ম পুথি হিচাবে একো খনি গ্ৰহণ কৰি নিমাখিতক আগলৈ উৎসাহিত কৰিব যেন। এনে বিধৰ সহানুভূতি নাপালে মনৰ ভাবী আশা মনতে জঁয় পৰিব লগীয়া হব। বিস্তৰেন অলম্ ইতি।
১৫|১২|২৭ই |
বিনয়াবনত |