এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৫ ]
প্ৰাতঃকালে যিটো নৰে, ভক্তিভাবে পাঠ কৰে,
অথবা শুনয় একচিত্তে।
আনে তাৰ পুণ্য ফল, কিঞ্চিতো দিবাক নৰে,
সাৰ কৰি লোৱা হৃদয়তে॥৪৫
গয়াত সহস্ৰ গাভী, যিটো নৰে দান কৰে,
অথবা কৰয় পিণ্ডদান।
ইয়াৰ ষোড়শ ভাগৰ একভাগ তুল্য নোহে,
সাৰকৰি সব নৰে জান॥
মথুৰাত যাই যিটো, যোগেশ্বৰ হৰি দেখে,
তাৰ সম ফল ইটো হয়।
সত্যে সত্যে তিনি সত্যে, সাৰ কৰি ধৰা চিতে,
অকণকো নকৰা সংশয়॥৪৬
মোৰ ইটো বাক বুলি, কদাচিতো নাভাবিবা,
শাস্ত্ৰমতে লিখিছোঁ ইয়াক।
তথাপি প্ৰত্যয় যদি, মনে মানি নোলোৱাহা,
মূল শ্লোক লাগে দেখিবাক॥
বঢ়া-টুটা সব দোষ, ক্ষমিবাহা সাধুলোক
কৰষোৰ কৰিছোঁ কাকুতি।
আলে জালে সময়, নি মিছাত ফুৰা কিনো কাম,
হৰি বুলি খণ্ডোৱাঁ দুৰ্গতি॥৪৭
ইতি পাণ্ডৱ-গীতা মাহাত্ম্য পদ হৰিপদে সমাপ্ত।