এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৩ ]
শুনিলাহা সভাসদ, শ্ৰীকৃষ্ণৰ উত্তৰক,
যি বুলিলে কুৰু–সভা মাজে।
হেনয় বাক্যক কেনে, নধৰিয়া ডুবি মৰা,
ঘোৰ নৰকত কোন কাজে॥৪১
হৰিনাম, কৃষ্ণ নাম, দুটি দুটিঅক্ষৰক,
উচ্চাৰণে কিনো আছে দুখ।
হেন নাম উচ্চাৰিতে, নাই কষ্ট নিয়মৰ,
হানি নোহে একোতেই সুখ॥
ভাৰ্য্যা-পুত্ৰ–ধন-ৰত্ন, নাযায় একোৱে সঙ্গে,
দিব মাত্ৰ সেই বাঁহ ডাল।
আৰু দিব ছিৰা কানি, যাক দিলে নোহে হানি,
হেন জানি যেহি কৰা ভাল॥৪২
থাকে যদি দেখি লাজ, শীঘ্ৰ গতি হোৱা বাজ,
মায়াৰ ফাঁকিত নুভুলিবা।
মূঢ়-মতি শিবে কয়, বুজি লোৱা শাস্ত্ৰলয়,
সবে মোৰ দোষক ক্ষবিমা॥
পাণ্ডৱ-গীতাৰ তত্ত্ব, এহি মানে সমাপত,
পদবন্ধে নিবন্ধিলোঁ হীনে।
সৰ্ব্ব দোষ ক্ষমা কৰি, নিজে নিজ পথ ধৰি,
ৰাম, কৃষ্ণ বোলা অনুক্ষণে॥ ৪৩
ইতি পাণ্ডৱ-গীতা-পদ হৰিপদে সমাপ্ত।
⸻