পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৭]


ছবি।

নিগদতি ভগবন্ত,  শুনা সখি মহাসান্ত,
 ভক্তক নভজে যিকাৰণে।
নাযামদ্য কৰিপান,  নপাৱয চুৰ্ত্তি জ্ঞান,
 ভাল মন্দ একোৱে নজানে ॥৩২॥
মাযাক আশ্ৰয কৰি,  গৃহ অন্ধকূপে পৰি,
 ৰতি ৰসে হুয়া মহ'ভোল।
বোলে মোৰ পুত্ৰদাৰা,  আতপৰে নাহি আৰ
 এহিবুলি কৰয আন্দোল ॥৩২॥
এহিমতে হুযা শূন্য,  নজানয পাপ পূন্য
 অধৰ্ম্ম আচাৰ নিৰন্তৰে।
যিবা কৰে কৰ্ম্মবুলি,  অধৰ্ম্মে সিযো সমূলি,
 নজানয বিধি মাত্ৰ কৰে ॥৩৪॥
যদি বিধি চাই কৰে,  মোৰ সংকল্প আচৰে,
 ফলনাহি মিছাতেসে মৰে।
যেন একজন লোভী,  দুগ্ধক খাইবে বুলি,
 বাঞ্জি গাই ৰাখি সদা ফুৰে ॥ ১৫॥
অতি হৃষ্ট পুষ্টদেখি,  হোৱয পৰম সুখী
 দুখ নাহি অসাতেসে মৰে।