যিটো শুদ্ধ জাতি আৰু আমাত ভকত।
কহিবাহা সখি তুমি তাহাৰ আগত॥
ধৰ্ম্ম অৰ্থ কাম মোক্ষ জানা চাৰি বিধ।
যি জনে শুনয় তাৰ সবে হোৱে সিদ্ধ॥ ২৬০॥
ব্ৰাহ্মনে শুনিলে হোৱে মোক্ষ যে উত্তম।
ক্ষত্ৰিয় শুনিলে হোৱে মহা নৃপোত্তম॥
বৈশ্যে শুনিলেও হোৱে সৰ্ব্বস্ব সম্প্ৰতি৷
সুদ্ৰে শুনিলেও হোৱে জানা সদগতি॥২৬১॥
কহিলো সাস্ত্ৰৰ মই যেহেন মহিমা।
ইহাক শুনিলে পাই সংসাৰৰ সীমা॥
কৃষ্ণে কহিলন্ত বেদ বেদান্ত যুণ্ডতি।
বৈষ্ণবি গীতাৰ পদ ভৈলা সমাপতি॥২৬২॥
শুনা নৰ নাৰী সাৱধান কৰি মন।
কৃষ্ণে কহিলন্ত অৰ্জ্জুনত বিদ্যমান॥
হেন জানি শুনা নিতে দৃঢ় কৰি মতি।
যম কাল মাযা তৰিবাহা ভয় ভিতি॥২৬৩॥
এবে শুনা কহোঁ কৃষ্ণ পাইবাৰ উপাই।
নিতে নিতে সেৱা কৰে বৈষ্ণৱক পাই॥
তেবে জানা হৈবে বৈষ্ণৱত মহা প্ৰীতি।
প্ৰীতি ভৈলে সন্তে কৃপা কৰিবা সম্প্ৰতি॥ ২৬৪॥
তেবে হৈবে জানা ভাগবত ধৰ্ম্ম ৰতি৷
ভাগবত ধৰ্ম্ম হন্তে হুইবে মহাপ্ৰীতি॥
পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৫২
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে