( ৩ )
কৃষ্ণক প্ৰণামি পাছে পুছন্ত অৰ্জ্জুনে।
এক কথা পুছোঁ প্ৰভু কহিয়ো আপোনে॥৯॥
যদি শুনিবাক প্ৰভু যোগ্য হওঁ আমি।
তেবেসে কহিবে বোলোঁ চৰণত নমি॥
বৈষ্ণবৰ মুক্তিদ্বাৰ কহয় জগতে।
কেনেবা বৈষ্ণব তাক জানি কেন মতে॥১০॥
কিবা বাক্য বোলে তাৰা কৰে কোন কৰ্ম্ম।
কেনেবা লক্ষণ চিহু কৈয়ো ইটো মৰ্ম্ম॥
অৰ্জ্জুনক সম্বোধি বুলিলা দামোদৰ।
নিজ ধৰ্ম্ম আচাৰ নকৰে ব্যভিচাৰ॥১১॥
সুলক্ষণ ধৰ্ম্মজানে আমাত ভকতি।
সুখে দুখে নেৰে নকৰয় আনমতি॥
নিজধৰ্ম্ম জানা সখি এহিসে ভক্তৰ।
পৰম গোপ্যক ইটো কৈলোঁ দৃঢ়তৰ॥ ১২॥
বৈষ্ণব জনব জানা আৰু কহোঁ চিন।
সবাতে সুহৃদ বুদ্ধি নকৰয় ভিন্ন॥
কৃষ্ণ কথা শুনন্তে যে দ্ৰব হোৱে চিত্ত।
কৃষ্ণ কৃষ্ণ বুলিয়া সদায়ে গায়ে গীত॥ ১৩॥
কৃষ্ণ নাম লৱন্তে নেত্ৰৰ নীৰঝৰে।
সুখেদুখে কৃষ্ণ কৃষ্ণ বুলি মোক স্মৰে॥
সাধুৰ সঙ্গক পাইলে কৰে মহাৰঙ্গ।
হস্তিনীৰ সঙ্গে যেনমত্ত যে মাতঙ্গ॥ ১৪॥