পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৪৩]

সসাগৰা মহী কৰই দান।
তাহাতোধিক সখি ফল জান॥
ইহান পূন্যৰ কি কৈবো সীমা।
ভকতৰ সখি হেন মহিমা॥২২৩॥
আকে জানি লোৱা ভক্তৰ সঙ্গ।
আন কৰ্ম্মে কৰা মনক তঙ্ক॥
তুমিসে প্ৰিয়ত্তম জানি কহি।
তোমাৰ সমান আমাৰ নাহি॥ ২২৪॥
এতেকে কহোঁ তোমাত নিষ্ঠ।
আতি গোপ্য যেন মহা গৰিষ্ঠ॥
ভকতৰ মোৰ নাহিকে ভেদ।
দিলাহোঁ সখি তোত পৰিছে’দ॥ ২২৫॥
জানিযা মোক ভজা লৈয়া সঙ্গ।
মোৰ কথা শুনি কৰিবা ৰঙ্গ॥
মোহোৰ নাম লোৱা সখি মুখে।
মোকেসে প্ৰণামিবা সুখে দুঃখে॥২২৬॥
হস্তে যে মোৰ কৰ্ম্ম সৰ্ব্বক্ষণ।
মনে যে মোৰ ৰূপ সুমৰণ॥
পদে বৈষ্ণবৰ যায়োক থান।
নাসিকায়ে লৈবা নিৰ্ম্মাল্য ঘ্ৰান॥ ২২৭॥
শৰীৰে ভকতক আলিঙ্গন।
চক্ষুয়ে বৈষ্ণবক দৰিশন॥