পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৫)

এহিমতে ভক্ত সবে মোক কৰে বৈশ্য।
কহিলো তোমাত সখি বেদৰ ৰহস্য॥
আৰু কিছু কহো সখি ভক্তৰ লক্ষণ৷
মোকে হৃদি ধৰি নেৰে তাৰা সৰ্ব্বক্ষণ॥
কাতো তাৰা রূষ্ট নাহি তুষ্ট সৰ্ব্বদায়।
আপুনিয়ো তুষ্ট হুযা মোক মাত্ৰ ধায॥
পালেও আনন্দ নেপালেও নাহি ৰোষ।
দৈব বলে যিবা মিলে তাহাতে সন্তোষ॥
সান্ত দান্ত ক্ষমাশীল আতি মহাধীৰ।
মহা যে সাগৰ আতি গহীন গম্ভিৰ॥
সত্যবাদী সদাচাৰী সৰ্ব্ব গুণান্বিত৷
সুহৃদ বৈৰত তাৰা হোৱে সমুচিত॥
সমস্তকে তেজে তৰা মিছা হেন জানি।
সপ্ত সিন্ধু দেখে যেন একচলা পানী॥
আদিত্যক দেখে ভক্ত তণ্ডুলৰ খুদ।
পূত্ৰ পত্নী ধন দেখে জল বুদ বুদ॥
সুমেৰুক দেখে মৃতিকাৰ দলি হেন।
নৃপতিক দেখে ভকতৰ ভৃত্য যেন॥
ৰত্ন মানিকক শিলাময় হেন দেখি।
কল্পতৰু বৃক্ষ ভক্তে কাষ্ঠ-হেন দেখি॥
সংসাৰক দেখে যেন এক গাছ তৃণ।
আপোনাৰ দেহা দেখে মিছা ভাৰ হেন॥