পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২৪ ]


কৰ্ণৰ ভূষণ কৰে মোৰ নাম গুণ।
চক্ষুৰ ভূধণ মোৰ ৰূপেসে অৰ্জ্জুন॥
শিৰৰ ভূষণ মোৰ ভকতৰ ধূলী।
হৃদয়ত মানে মই নিস্তৰিলোঁ বুলি॥
হস্তৰ ভূষণ সখি জানা মোৰ কৰ্ম্ম।
কতেক কহিবো সখি ভকতৰ ধৰ্ম্ম॥
এহি অলঙ্কাৰ সখি বৈষ্ণৱত পৰ।
কি কহিবোঁ সখি মই আউৰ আতপৰ॥
আৰো কিছু কহোঁ সখি শুনা ধনঞ্জয়।
মোকে জানে তাৰা প্ৰিয় সুহৃদ নিশ্চয॥
মোৰ নাম লৈয়া তাৰা মোৰ গাৱে গীত।
মোৰ কথা শুনি অতি হোৱে কৃত্য কৃত্য॥
খেণো গাবে খেণো কোৱে খেণো মোক স্মৰে
খেণে। হাসে খৈনো কান্দে খেণে। মৌন ধৰে॥
খণে আনন্দতে মজি সবাকো পাশৰে।
খেণো কৃষ্ণ কৃষ্ণ বুলি ডাকে দৃঢ়তৰে॥
খেণো উঠে খেণো বৈসে খেণো মগ্ন হুই।
খেণো মোক মনে ধৰি চলে ঊৰ্দ্ধ মুই॥
খেণো মেক হৰুৱাই বিছাৰিয়া ফুৰে।
মক মকি কান্দে নয়নৰ নীৰ ঝৰে॥
কৈক গৈলা কৃষ্ণ বুলি দীৰ্ঘ ৰাৱে কান্দে।
বিচাৰিয়া পাই কল্পে গলে আনি বান্ধে॥