তৃতীয় গৰ্ভাঙ্ক।
দৃশ্য-সভা।
লৱ কুশক কোলাত লৈ শ্ৰীৰামচন্দ্ৰৰ সিংহাসনত উপবেশন।
বাল্মীকি মুনি সহ জানকীৰ প্ৰবেশ।
লক্ষ্মণ—সৌৱা। মহালক্ষ্মী আহিল। (একে চাবেই ঠিয় হৈ) সৌৱা! আঃ! অযোধ্যাৰ লক্ষ্মীৰ সুভাগমনত মন আজি কেনে লাগিছে।
কুশ—(চাপৰি ৰজাই) ককাইদেউ! সৌৱা আমাৰ আই আহিল।
বাল্মীকি—মহাৰাজ! আপোনাৰ কথামতেই মই এই জানকীক লৈ আহিছোঁ। জানকী মহাসতী, সুব্ৰতা, আৰু ধৰ্ম্মনিষ্ঠ। লোকাপবাদৰ ভয়ত আপুনি এওঁক বনলৈ পঠাইছিল। এতিয়া সেই লোকাপবাদৰ ভয় নিবাৰণ কৰিবৰ মনেৰেই আজি জানকীৰ সুভাগমন। মই সত্য কৰি কৈছোঁ, এই দুৰ্দ্ধৰ্ষ যমক যুগল আপোনাৰেই পুত্ৰ। মই প্ৰচেতাৰ দশম পুত্ৰ; মিছা কথা কোৱা কাৰ্য্য মোৰ দ্বাৰা কেতিয়াও হব নোৱাৰে। মই যি কওঁ তাত বিশ্বাস কৰিব। যদি জানকীৰ মনত কিবা দোষ আছে, মোৰ বহু সহস্ৰ বছৰৰ তপস্যা বৃথা হব। মই কোনো কালে কোনো পাপ কৰা নাই, যদি জানকীৰ গাত কিবা পাপ আছে, তেন্তে মোৰ পূণ্যৰাশি পাপৰূপে পৰিণত হব। তাৰ ওপৰেও মোৰ যোৱা ২১ পুৰুষ আৰু অহা ২১ পুৰুষ নৰকগামী হব।