এনে হেন সুপুত্ৰ জন্ম হয়, এনে মহাসতীয়েও বনবাসৰ কষ্ট সহিব লগাত পৰে!
ভদ্ৰ—মহাৰাজ! মহাৰাণী নিস্পাপা। দেখক মহাৰাণীৰ মনত কষ্ট দি অযোধ্যা পুৰি এবাৰলৈ ৰসাতলগামী হল। কাকুৎস্থ বংশ এবাৰলৈ সমূলে ধ্বংশ হল। পুনৰ সেই লক্ষ্মী দেবীৰ কৃপাতেই অজি এই যজ্ঞ চকুৰে দেখিবলৈ পাইছোঁ। আমাৰ মনৰে মহাৰাণীক আৰু বনবাসৰ কষ্ট দিয়া উচিত নহয়।
ৰাম—তোমালোকৰ কথা যুক্তিপূৰ্ণ সচাঁ। বারু মহামুনি বাল্মীকিৰ ওচৰলৈ দুজনমান অতি বিশ্বাসী দূত পঠাই দিয়াঁ। যদি মুনিৰ বিশ্বাস যে জানকী তপোবনত শুদ্ধাচাৰিণী হৈ আছে, তেন্তে মুনিৰে সৈতে আহি সকলো অযোধ্যাবাসীৰ চকুৰ আগত নিজৰ বিশুদ্ধি সপ্ৰমাণ কৰকহি।
লক্ষ্মণ—ভদ্ৰ! তুমি অতি শীঘ্ৰে যোৱাঁ, দুজনমান অতি বিশ্বাসী দূত মুনিৰ আশ্ৰমলৈ পঠাই দিয়াঁগৈ। পলম যেন নহয়।
ৰাম—লক্ষ্মণ! কালিলৈ জানকীৰ পৰীক্ষাৰ নিমিত্তে নগৰৰ মান্য, গণ্য, দুখীয়া, দৰিদ্ৰ সকলো মানুহকে নিমন্ত্ৰণ কৰিব।
⸻