এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩
বৈদেহী-বিচ্ছেদ।
তুমি চিনা, তুমি চিনা,
তুমি চিনা ফুল।
গোলাপত কাঁইট দেখি,
কেতেকীত সাপ্ দেখি,
যি নোতোলে ফুল সখী,
সি কি বুজে মোল।
৩য় অ:। (কন্দনা মুৱা হৈ) থোৱাঁ চতুৰালী,
দিম্ গালি পাৰি।
১ম আৰু ২য় অ:। (কেতেকী ফুলৰ পাহি গালৈ দলিয়াই; সুৰ লগাই)
আমি কেতেকীৰ পাহিৰে
২য় অ:। (কাপোৰৰ আঁচলৰে চকুৰ পানী মচি)
দেখা চকুৰ পানী
১ম আৰু ২য় অ:। (৩য় অপ্সৰীক সাবত মাৰি),
আজি ফুলনীৰ মাজতে
পাতিম ৰাণী।
৩য় অ:। অপ্সৰী-উ-উ-উ-(ক্ৰন্দন্)।
১ম আৰু ২য় অ:। (সুৰ লগাই)
শুনা কুলিয়ে মাতিছে
কুউ-উ-উ—(উৰুলি ধ্বনি)
৪ৰ্থ অ:। সখি! সৌটি কোন্?
গুন্ গুন্ গুন্ কৈ
আলসুৱা-কুমলীয়া
যূতি ফুলটীৰ,