পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
বৈদেহী-বিচ্ছেদ ৷

এতিয়া হে নাথ দেখোঁ মাতকে নিদিয়ে মোক,
হেঁপাহৰ প্ৰণয়ৰ পৰিল নে ওৰ?
 বিলাপ।
 দুৰ্ব্বাদল শ্যাম,পীতাম্বৰ ,
 কেশৰী সদৃশ বক্ষস্থল,
বাৰিজ লোচন, অধৰ ৰাতুল সম।
 আজানুলম্বিত ভূজ যুগ,
 ডম্বৰু সদৃশ মধ্যভাগ,
পদ্ম গন্ধী কেশ, দেহ অতি মনোৰম॥

 ত্ৰৈলোক্য বিজয় ধনুৰ্দ্ধৰ,
 প্ৰজা বন্ধু প্ৰভু নিৰন্তৰ,
কত শত ৰজা পদ তলে থাকে পৰি।
 হেন প্ৰাণকান্ত বননিত,
 ধূলায়ে শৰীৰ ধুসৰিত,
পৰি আছে হায় সীতাক বিধৱা কৰি॥

 উঠা, উঠা, উঠা প্ৰাণনাথ,
 দুৰ্ভগা সীতাক দিয়াঁ মাত,
প্ৰিয়া প্ৰিয়া বুলি হিয়া মোৰ কৰা শান্ত।
নতু অগ্নি চিতা জ্বালি লওঁ,
প্ৰভুকো বুকতে বান্ধি লওঁ,
জাঁপ মাৰি তাতে, দুখৰ কৰোহোঁ অন্ত॥
 (চিতা নিৰ্ম্মাণ।)