কুশ—বান্দৰ এটাও ধৰিলৈ আহিছোঁ নহয় আই! (ৰিহাৰ আচলত
ধৰি আঁজুৰি আঁজুৰি আহাঁচোন আই। আঁহাচোন
চোৱাহি।
সীতা—কি পাষণ্ডহঁত। কাক মৰাৰ ৰাৰি লৈ আহিছ। বান্দৰটো
ক'ত আছে?
(তিনিওৰো হনুৰ ওচৰত উপস্থিত।)
কুশ—(আঙ্গলিয়াই) এইটে আই, এইটো। ধেমালি কৰিবলৈ ভাল
হব নহয় নে?
লৱ—আই! আৰু এটা বস্তু আছে। (চুৰিয়াৰ টোপোলাৰ পৰা
উলিয়াই) এইয়া আই! আজিৰ পৰা আৰু তুমি আমাক
বনফুলৰ মালা পিন্ধাই বেজাৰ কৰিব নালাগে।
সীতা—( টোপোলা মেলি চাই ) পাষণ্ডহঁত! মোক বধ কৰিলি।
আজিৰ পৰা মই অনাথিনী হলোঁ। পিতৃ বধ কৰি মোৰ
আগত বৰাই কৰিবলৈ আহিছিলি! হায়! প্ৰাণনাথ!
অযোধ্যাৰ ৰাজ অন্তঃপুৰ উদং কৰি আজি ক'ত বা বননিত
পৰি আছেহি! যি মুকুট দেৱতায়ো চুব নোৱাৰিছিল,সেই
মুকুট, আজি হাতে হাতে বাগৰি ফুৰিছে। হনু! বোপা
হনু! তুমি আজি মোক নামাতিবি নেকি? অশোক
বনতো তুমি মোক শান্ত্বনা দিছিলা, আজি মোক বিধৱা
দেখি তুমিও যে নমতা হ’লা। তোমাক দেখোঁ মই তাহা-
নিয়েই অমৰ বৰ দিছিলোঁ, পাষণ্ডহঁতৰ শৰত তোমাৰো
মৃত্যু হল নে?