এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
বৈদেহী-বিচ্ছেদ ৷
দ্বিতীয় গৰ্ভাঙ্ক।
দৃশ্য-জানকীৰ কুটীৰ।
একাকিনী জানকী উপবিষ্টা।
জানকী—বেলি প্ৰায় দুপৰ হলহি। এতিয়াও দুখুনীৰ ধন ঘৰ
- নাপালেহি। আই দুৰ্গা! পাপিনীৰ সন্তান দুটিক যেন
- সদাই কুশলে ৰক্ষা কৰে।
বিলাপ।
জনক দুহিতা, অভাগিনী সীতা,
স্বামীৰ চকুৰ কুটা;
চিৰকালে মই কানন ৰাগিনী,
বনবাসী মোৰ সখা।
লৱ কুশ মোৰ জীৱনৰ ধন,
বুকে বান্ধি আছোঁ পৰি;
হে দুৰ্গা আই, কৃপা দৰশাই,
ৰাখিবা চৰণে ধৰি।
(ঠিয় হবৰ উপক্ৰম) সৌ দুটি নো কোন? মোৰ জীৱনৰ ধন লৱ
- কুশেই হব পায়। বারু ক্ষণেক চাওঁছোন।
(লৱ কুশৰ প্ৰবেশ)
- দুখুনীৰ ধন আহিলা? মই তোমালোকৰ নিমিত্তে
- কত চিন্তা কৰি আছোঁ। মোৰ সোণহঁত দুয়ো দেখোঁ আজি
- ঘামিজামি আহিছা?
কুশ—আই, আই, আই, আমি আজি খুব যুদ্ধ কৰিলোঁ নহয়।