পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 লৈকো অক্ষম হল নে? বারু, (তুণৰ পৰা অস্ত্ৰ উলিয়াই)
 দেখা যাওক। (লৱৰ প্ৰতি) এই অস্ত্ৰে অস্ত্ৰ তোৰ বাটতে
 কাটিব। (ৰামৰ অস্ত্ৰ কাটি লৱৰ অস্ত্ৰই সমস্ত সৈন্য
 ধৰাশায়ী কৰে)

সৈন্যদল—(সুগ্ৰীৱ আদি কৰি) পানী-পা-নী-পা—৷

কুশ—বেৰাপাক অস্ত্ৰ এই পালোঁ বাচি বাচি,
 ইয়াৰে শ্ৰীৰামৰ মহতালি ভাঙ্গো।
 (নিজৰ মৃত্যু অস্ত্ৰ দেখি ৰামৰ শোক)।

 

বিলাপ।


 যজ্ঞৰ সুফল আজি লভিলোঁ বিধাতা।
 ক’ত কোশলা কৈকেয়ী সুমিত্ৰা মাতা।
 কত বীৰ ঘটুৱালোঁ, কত ৰাজ্য জয় কৈলোঁ,
 শুনা আমি সকলোৱে ৰাম বধ বাৰ্ত্তা।
 কুশে যি অস্ত্ৰ ধৰিছে, সূৰ্য্যসম জিলিকিছে,
 শ্ৰীৰামৰ মৃত্যু দেখাহে প্ৰচেতা।

কুশ—নৰাধম, কাপুরুষ, অযোধ্যাৰ নাথ।
 মৃত্যু অস্ত্ৰ দেখি কিয় কান্দিছ কাতৰে?
 কাৰ স্নেহ আকৰ্ষিব ভীরুৰ কান্দোনে?
 নিঃসহায় আজি তই ৰণ ক্ষেত্ৰ মাজে।
 ইষ্ট দেৱতাক তই সুমৰি এবাৰ,
 জমালয় যাত্ৰা কৰ।

ৰাম—আজিৰ দিন বৰ ভয়ানক! আজি মোৰ মৃত্যু নিশ্চয়। অক্ষয়
 তুণ, গাণ্ডীৱ ধনু! তুণত আজি অস্ত্ৰ নাই, ধনুত আজি