পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৮১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 খৰ দূষণৰ প্ৰাণ যি ৰামে বধিলে,
 দৈত্য নাশি ব্ৰাহ্মণৰ যজ্ঞ ৰাখি দিলে,
 বালী বধি সুগ্ৰীৱক পাটত থাপিলে,
 সেই ৰাম কাপুরুষ?
 শক্তিশেল সমৰাক্য উচ্চাৰিলি নৰাধম্!
 নাজাৰ ৰামৰ বান কালান্তক জম?
 পুত্ৰহে নালাগে যদি জানকী আহি
 কৰেহি সমৰ, শৰে কৰিম নিধন।
 এই গাণ্ডীৱত গুণ দিলোঁ মহাবলে;
 হলাহল অস্ত্ৰ লৈ সন্ধান পূৰিলোঁ।  (অস্ত্ৰ প্ৰহাৰ)

সুগ্ৰীৱ—সকলো সেনাই ল'ৰাহালক বেৰি ধৰ,

লৱ—ব্যোম পথ রুদ্ধ কৰি প্ৰহাৰিলোঁ অন্ত্ৰ এই;
 কাটি তোৰ ক্ষুদ্ৰ অস্ত্ৰ উভতি আহিব।

(আকাশ পথত দুই পাত লৱৰ কটাকটি )

 উলিয়ালোঁ অস্ত্ৰ ভয়ঙ্কৰ;
 সমস্ত সেনাক এয়ে নিপাত কিৰিব।

ৰাম—উঃ কি আচৰিত শিক্ষা! মোৰ মূৰটো আজি ইমানকৈ ঘূৰাইছে
 কিয়?সমুখ যুদ্ধত মানুহৰ মনৰ গতি এনে হলে যে যুদ্ধত
 পৰাজয়, তাত সন্দেহ নাই। তুণৰ পৰা অস্ত্ৰ বাচি
 লোৱা শক্তিয়েই দেখোঁ লোপ পাব লগা হল ?

(লৱৰ অস্ত্ৰ প্ৰহাৰ)

সৌৱা, পাষণ্ডৰ অস্ত্ৰ , সৈন্যবিলাকৰ ফালেই নাচি নাচি আহিল। ৰঘুনাথ নো আজি নিজ সৈন্য ৰক্ষা কৰিব-