পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কি এটা সামান্য বান্দৰে মোকোলাবি? দেখ, এই শৰ যুৰিলোঁ, তোক কাৰ বাপে ৰক্ষা কৰে?

(শৰ প্ৰহাৰ)

হনু—(এচাৰ খাই পৰি) ধন্য মা জনকৰ সন্তান৷ উঃ ! কি বিশাল শৰ! মোৰ প্ৰাণ যেন উৰি যায়। সমস্ত শৰীৰ অৱশ হল। বৰ পিয়াহ লাগিছে, এটুপি পানী খাওঁ।

লৱ—দেখিলি নে অযোধ্যাৰ গপাল নৃপতি!
 এপাত শৰতে তো
 ভীমকায় বানৰৰ
 ভীমাকাৰ দেহ ললাটে
 ধৰণী ওপৰে।
 কৰিবি নে যুদ্ধ আৰু নতু ফিৰি মাৰি?
 অশ্বমোচনৰ আশা পৰিহাৰ কৰ,
 অযোধ্যাত ৰাজ্য ভোগ কৰ ৰঙ্গ মনে।

ৰাম—হনুবধে ৰাম বধ নহয় নহয়,
 ৰঘুনাথ নহয় শত্ৰু, বীৰ লক্ষ্মণ, ভৰত।
 দেখিলি নে?
 একে একে সকলোৱে প্ৰাণ বিসৰ্জ্জন দিলে;
 নপলাল প্ৰাণ ভয়ে ৰঘুকুল বীৰ,
 আজি ৰঘুনাথে জানো সামান্য প্ৰাণ ভয়ে,
 নিষ্কলঙ্ক ৰঘুবংশ মলিন কৰিব?
 পালি ক্ষত্ৰি ধৰ্ম আজি যুক্ত কৰিবৰ মনে,

 বাহিৰিলোঁ সৈন্য সমে, পুনু ফিৰি যাম?

১০