কুশ—তোৰ মহাৰাজক মই এহেজাৰ বাৰ বাঁও ভৰিৰ আঙ্গুলি দেখাই
কৈছোঁ শীঘ্ৰে যুদ্ধ কৰক, এচরু ভাতৰ এটা পিতিকিলেই
চিন্। ভায়েকহঁতেই বীৰত্বৰ যথেষ্ট প্ৰমণদি গৈছে।
হনু—পাষণ্ড! ইমান সাহ? মোৰ সাক্ষাতে প্ৰভুৰ নিন্দা? বাৰু দেখ। (ভীষণ মুৰ্ত্তী ধাৰণ কৰি কুশৰ ফালে খেদামাৰে)।
(লৱ আৰু কুশ দুয়ো আকোলাআকোলিকৈ)
কুশ—ককাইদেউ খালে!
লৱ—মা জানকী, ৰক্ষা কৰা!
হনু—হায়! আজি দেখোঁ সৰ্ব্বনাশৰ উপায় চিন্তিছিলোঁ। এই দুটি নিশ্চয় মা জানকীৰ সন্তান, নতুবা আন দেৱ দেৱীৰ নাম নলৈ বনবাসিনী আইৰ নাম ল’ব কিয়? আই? আজি দাসক তুমিহে ৰক্ষা কৰিলা। তুমি এই ল'ৰা হালিকে বুকত বান্ধি লৈ বনবাসৰ অসীম দুখ পাহৰিছা, আজি মই তাৰে বিৰোধী হৈছিলোঁ। প্ৰাণ এই দেহত থাকে মানে হনুৱে, তেওঁৰ চিৰদাসে, কেতিয়াও জন্ম জন্মান্তৰেও এনে কামত হাত দিব নোৱাৰিব। বাৰু ভালেই হে হৈছে। ল'ৰা দুটিয়ে তো ভয় খালেই, এতিয়া মই সহজে ঘোৰা মোকোলাই আনি প্ৰভু ৰামৰ কাৰ্য্য সাধিব পাৰিম। সিহঁতে যে আকৌ মোৰ ওচৰ চাপিবহি এনে আশা কম।
(ঘোৰাৰ লেজুত ধৰেগৈ)
ফুল—সামান্য বানৰ! কি কৰ? যি ঘোৰা ৰঘুকুলৰ যুৱৰাজ লক্ষ্মণ সদৃশ বীৰেও মোকোলাব নোৱাৰিলে, সেই ঘোৰা