পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৬৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৈদেহী-বিচ্ছেদ। উথলিল শোক-সিন্ধু, বৰুণ আশ্ৰয়ে তুলি গিৰি সম চৌ. ৰামৰ মন-তৰী পৰিল মাজতে তাৰ। গুৰিয়ালে দেখিয়ে বিহ্বল, এৰি দিলে গুৰিব'ঠা। বিভীষণ অৱশ্যে হব। এক ঔৰষজাত ভাই। সংসাৰত যাৰে সৈতে আপোন বুলি লগ বান্ধি থকা হয়, এনে ভ্ৰাতৃৰ বিয়োগ সম্বাদত সংসাৰী অৱশ্যেই বিচলিত হব। এতিয়া প্ৰভু! সেইবিলাক কথাত ধৰি থকা আপোনাৰ কৰ্তব্য নহয়। ক্ষত্ৰিয়ৰ কাৰ্য কৰাত আজি আপোনাৰ ইমান অৱহেলা কিয়? আপোনৰে গাত আজি ক্ষত্ৰিয়ৰ তেজ নোহোৱা হল নে কি? ৰাম—মান্ধাতাৰ নাতি মই, দশৰথাত্মজ , নও ক্ষত্ৰিয় মই? সূৰ্য্য বংশে জন্ম মোৰ, কৌশল্যাত আত, নহওঁ ক্ষত্ৰিয় মই? ৰামচন্দ্ৰ নাম মোৰ, গাণ্ডীৰ হাতত, নহওঁ কলি মই? অমোধ্যাৰ ৰজা, ভাই লক্ষণ ভৰত, নহওঁ ক্ষত্ৰিয় মই? হনুমান! হনুমান-(জাপৰি ওচৰ চাপি কৰ বোৰে) চিদাসে অপেক্ষিছে আজ্ঞা না!