পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
বৈদেহী-বিচ্ছেদ।

মন এতিয়াও আগ বাঢ়িব লাগিছে। আৰু নো কি বিপদ হব বিধাতা? তোমাৰ লীলা অভেদ্য। তোমাৰ মায়াজাল ভেদ কৰিবলৈ আজি মই সম্পূৰ্ণৰূপে অক্ষম হলোঁ। ধন্য তুমি।

গীত।

কিনো মায়াজাল, বিষম জঞ্জাল,
 এৰাব নোৱাৰোঁ সমূলি।
দৃষ্টি পথ বেৰি,  বেজাৰ-কুৱঁলি,
 নেদেখোঁ জোনাকী বিজুলী।
 বিৰাজিছে ভয় দুখ তাপ,
 ভীষণ মূৰুতি শোক-পিশাচ,
সমস্ত সংসাৰ,  দুখ পাৰাবাৰ,
 শোকৰ অটল ঘুলি॥

চতুৰ্থ গৰ্ভাঙ্ক।

 দৃশ্য—এজোপা বটগছৰ তলত এখন মনিহাৰি দোকান। দোকাণী আৰু তেওঁৰ বন্ধু বান্ধৱসকল উপবিষ্ট।

দোকানী—(ভাঙ্গৰ চিলিম হাততলৈ) আপ্ পিজিয়ে।

প্ৰথম বন্ধু— (হাত যোৰ কৈ) নাই নাই চাহেব! আপ্ পিজিয়ে।

দোকানী— (আন এজন বন্ধুৰ ফালে ছিলিম আগ বঢ়াই) আপ্ পিজিয়ে।