পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আশা কৰিব পাৰিম কুটুমে শিশু ৰোগৰপৰা মুক্ত হৈ জন সমাজত মুখ দেখাব পাৰিব। যি ন নহওক আপুনি আমাৰ উপকাৰাৰ্থে ৰুই দি যোৱা মিঠা আমাৰ পুলি আপোনাৰ জহত মিঠা আম খাবলৈ পাম আশাৰে মনক উৎসাহিত কৰি উপকাৰৰ বাবে কৃতজ্ঞতাৰ চিন স্বরূপে “বৈদেহী-বিচ্ছেদ নাটক” নামে এই সৰু পুথি খনি আপোনাৰ স্বৰ্গীয় আত্মাৰ ওচৰত দণ্ডৱতে অৰ্পণ কৰিলোঁ। যদি এই পুথিখন আপোনাৰ এক তিল মানো আদৰৰ পাত্ৰ হব পাৰে, তেন্তে মোৰ এই জঠৰ আঙ্গুলিৰে কাপ ধৰি কলাপাতত বৰ্ণমালা লেখিবলৈ কৰা যত্ন সাৰ্থক হব।

সেৱক
শ্ৰীদেৱনাথ বৰদলৈ

নগাঁও আসাম
১৩০৭ চন,
আষাঢ়