কোনে চায়। আজি তুমি সমস্ত অযোধ্যাপুৰিক কন্দুয়াই ক’লৈ গলাগৈ। সুগ্ৰীৱৰ আজি সকলো বল ধ্বংশ হল। হায় যুবৰাজ! তুমি...হু...হু (ক্ৰন্দন)।
ভৰত—(সজলনেত্ৰে ৰামক বিচি বিচি) ককাইদেউ? আমাৰ হব লগীয়া হ’ল। এতিয়া আপুনিও অস্থিৰ হৈ আমাক নামাৰিব। ককাইদেউ! মোৰে শপত আৰু নাকান্দিব।
শত্ৰুঘ্ন— (লৰালৰিকৈ আহি আঠুকাঢ়ি ) ককাইদেউ! আপুনি ধীৰ! জগতত আপোনাৰ সুখ্যাতি সূৰ্য্যৰ দৰে জিলিকিব লাগিছে। ভাতৃশোকে আমাৰ দৰে প্ৰাণীৰ মনতহে ৰাজত্ব কৰিব পাৰে। আপুনিও দেখোঁ এনে পাপক লাই দিবলৈ ধৰিছে!
ৰাম—বোপাহঁত! ৰামৰ জীৱন আজি ৰামত নাই। লক্ষ্মণৰ লগতেই আনন্দেৰে ফুৰি ফুৰিছে। লক্ষণ! মোৰ প্ৰাণৰ লক্ষ্মণ! মোৰ বাওঁবাহু লক্ষ্মণ!
ক’ত তুমি বিৰাজিছা আনন্দ মনেৰে?
স্বৰগ পৃথিবী নাই, ৰসাতল মাজে?
কোৱাঁ মোক নাভাঁৰিবা কোৱাঁ লগতেই;
মোকে লৈ থাকা তুমি যতে ইচ্ছা গৈ।
বিভীষণ—প্ৰভু! আপুনি দেখোঁ উপস্থিত বিপদত সমূলি কৰ্ত্তব্য পাহৰিলে? যি অধমে এই ধৰ্ম্ম কাৰ্য্যত ব্যাঘাত, কৰিছে যি পাষণ্ডই যুবৰাজ লক্ষ্মণক নিধন কৰিছে, তাৰ প্ৰতিকাৰৰ কি চেষ্টা কৰিলে? পাষণ্ডৰ অতি শীঘ্ৰে প্ৰায়শ্চিত্ত হব লাগে। ভ্ৰাতৃহন্তাক সমুচিত দণ্ড দি হৃদয়ৰ প্ৰজ্বলিত