পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৫১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৈদেহী-বিচ্ছেদ। 8 বশিষ্ঠ—এতিয়া যজ্ঞ ক্ষেত্ৰ নিৰ্মাণ, বন্ধুবান্ধৱৰ নিমন্ত্ৰণ, যজ্ঞ সপ্তাৰ সংগ্ৰহ, স্বৰ্ণ সীতা নিৰ্মাণ দি কাৰ্য্য শীঘ্ৰে সক্ষম হব লাগে। বন্ধু লক্ষণযুক্ত এটি কৃষ্ণৰ অশ্ব বিচাৰ কৰাওক। পূজাৰ বাৰে যি যি বস্তু লাখে তাক গোটাবৰ নিমিত্তে মোৰ লগত কেন মোগ্যবান মানুহ দিয়ক। নাম—বোপা লক্ষ্মণ! পলম কৰিবৰসকাম নাই। শীঘ্ৰে মহাত্মা সুগ্ৰীৱক, কামগামী ৰাক্ষসবিলাকে সৈতে অতু বিক্ৰম ৰাসৰাজ বিভীষণক, দেশ বিদ্বেশৰ ৰজামফলক, নক নৰ্তকী, সুত্ৰধাৰ আৰু ঋষি মুনিসকলক যজ্ঞলৈ নিমন্ত্ৰণ কৰা। গোমতী নদীৰ তীৰৰ নৈমিষাৰণ্য বহলকৈ যজ্ঞভূমি নিৰ্মাণ কৰিবলৈ আদেশ, কৰা। প্ৰজাৰিলাকৰ ঘৰে ঘৰে যেন আজি শান্তি বিৰাজ কৰে। ভৰত বোপা! তুমি যঃ সৰ নৰ্তকী আৰু ৰেপাৰী দোকানীবিলাক যজ্ঞ স্থানলৈ পঠাই দিয়। তুমি নিজেও আইসকলক লৈ শষেৰে সৈতে তালৈকে যোৱ।। স্বৰ্ণ সীতাও তোমালোকৰ লগতে লৈ যোৱ।। বোপা লক্ষণ! তুমি শীঘ্ৰে গৈ নিজ চকুৰে চাই থোৰাশালৰপৰা এটি ছোৰা লৈ আহ আৰু সৈন্য সামন্ত লৈ ঘোৰাৰ ৰক্ষাৰ নিমিত্তে যাবলৈ প্ৰস্তুত হোৱ।। মধুমত্ত! তুমি খোবাৰ কপালত আৰি দিবৰ নিমিত্তে এখনি স্বৰ্ণাক্ষৰ জয়পত্ৰ লেখি দিয়া। লককাইদেউ! মই মোৰা আৰু সৈন্য-সামন্ত উলিয়াই লৈ আছেগৈ। মধুমত্ত! তুমিও আহা। (উভয়ৰে নিজামণ)