লক্ষ্মণ—হয় ককাইদেউ, মই সিবিলাকক সভালৈ লৈ আহোঁগৈ।
(নিষ্ক্ৰান্ত)
ৰাম—(ভৰতৰ প্ৰতি) বোপা! অশ্বমেধ যজ্ঞৰ মাহাত্ম্য যথাৰ্থতে অসীম। এই কাৰ্য্যত হাত দিয়া সামান্য মানুহৰ সাধ্যতীত। যদি সুকলমে কাৰ্য্যটি সমাধা হৈ যায় তেন্তে ই অতিশয় সৌভাগ্যৰ ফল বুলিহে ধৰিব লাগিব।
ভৰত—অৱশ্যে ককাইদেউ মহতেই হে মহৎ কাৰ্য্য সাধিব পাৰে। আপুনি ইক্ষাকু কুলৰ শ্ৰেষ্ঠ নৃপতি, আপোনাৰ অসাধ্য পৃথিবীত কি হব পাৰে?
(বশিষ্ঠ আদি দ্বিজসকলেৰে সৈতে লক্ষ্মণৰ পুনৰ প্ৰবেশ)
ৰাম—(প্ৰণিপাত পূৰ্ব্বক) প্ৰভুসকল! অনুগ্ৰহকৈ আসন গ্ৰহণ কৰি যেন ৰামৰ অভীষ্ট সিদ্ধি কৰে!
বামদেৱ—পাছে মহাৰাজ আমাক মতালে বা কিয়?
ৰাম—প্ৰভুসকল! অনেক দিন ক্ষত্ৰিয়ৰ আচাৰেৰে ৰাজত্ব কৰি আজি এভাগি অশ্বমেধ যজ্ঞ কৰিবৰ মন কৰিলোঁ৷ আপোনাসকলে এতিয়া সকলো বিষয়তে পৰামৰ্শ দি কৰাব লাগে।
বশিষ্ঠ—বৰ উত্তম কাৰ্য্য কৰিছে মহাৰাজ! আঃ এই ফেৰিয়েই হে আৰু সাৰ্থক। বোলে “যত দেখা ধন জন, সবে মাত্ৰ অকাৰণ। ভাল কাৰ্য্যলৈ মন কৰিছে। “শুভশ্য শীঘ্ৰং।”
অৱশিষ্ট দ্বিজ—(সমস্বৰে) ‘অসুভস্য কাল হৰণং।’